আমাৰ ৱাৰ্লিসকলে (ভৰ্লি বুলিও কোৱা হয়) মই টাৰ্পা বজালে দেহৰ ভিতৰলৈ উশাহ টানি লয় (দেৱতা লম্ভে)। এঘণ্টাৰ বাবে তেওঁলোকৰ গাটো বতাহত গছ হালি-জালি থকাৰ দৰে নাচে।

মই টাৰ্পা বজালে সবৰি দেৱী আৰু তেৰাৰ সংগীসৱক আৱাহন জনাও। শ্ৰোতাসকলৰ মাজৰপৰা যিয়ে সঁহাৰি দিয়ে, তাৰ গাত দেৱী লম্ভে।

এই সকলো বিশ্বাসৰ কথা। মানাল ট্যাচা দেৱ , নাহি ট্যাচা নাহি (মানিলে দেও, নামানিলে নাই কেও)। মোৰ বাবে টাৰ্পাখনেই মোৰ ইশ্বৰ। সেয়ে মই দুহাত যোৰ কৰি উপাসনা কৰোঁ।

নৱস্যা, মোৰ আজোককা, তেওঁ টাৰ্পা বজাইছিল।

তেওঁৰ পুত্ৰ ধাকলিয়া। তেঁৱো টাৰ্পা বজাইছিল।

ধাকলিয়াৰ পুত্ৰ লাড়কিয়া। তেঁৱো আছিল টাৰ্পা বাদক।

লাড়কিয়া মোৰ পিতৃ আছিল।

PHOTO • Siddhita Sonavane
PHOTO • Siddhita Sonavane

ভিকলিয়া ধিণ্ডাৰ পিতৃ লাড়কিয়াই তেওঁক টাৰ্পা বজাবলৈ শিকাইছিল; শুকান তালপাত, বাঁহ আৰু পানীলাওৰ খোলাৰে তেওঁ টাৰ্পা বনাইছিল। ‘বুকুভৰি উশাহ টানি লৈহে টাৰ্পা বজাব পাৰি। গোটেই উশাহ এৰি টাৰ্পা বজাব লাগে আৰু উশাহ ঘূৰাই লোৱাৰ জোখাৰে ৰাখিবও লাগে,’ ভিকলিয়া বাবাই কয়

তেতিয়া ব্ৰিটিছৰ শাসন চলি আছে। দেশ স্বাধীন হোৱা নাই। আমাৰ গাওঁ ৱালৱাণ্ডেত এখনেই স্কুল আছিল, তাকো ‘ডাঙৰ মানুহ’ (উচ্চ জাত)ৰ ল’ৰা-ছোৱালীৰ বাবে। দুখীয়াৰ বাবে স্কুল নাছিল। তেতিয়া মোৰ বয়স ১০-১২ বছৰ। মই গৰু-ম’হ চৰাইছিলো। মোৰ আই-পিতাইৰ কথা, গইমাগে গেলা তাৰ ৰৌটি মিলল শালেত গেলা তাৰ উপাচি ৰহল (গৰু চৰালে খাবলৈ পাম। স্কুললৈ গ’লে ভোকত থাকিব লাগিব)।’ মায়ে সাতটি সন্তান লালন-পালন কৰিছিল।

পিতাইয়ে কৈছিল, ‘গৰু চৰাবলৈ গ’লে বেলেগ একো কৰিব নালাগে যিহেতু টাৰ্পাকে বজাই থাকিব পাৰ দেখোন? দেহাটো সুস্থ থাকিব আৰু মনটোও ভাল লাগিব।’ টাৰ্পাৰ মাত শুনি মহ-দাহো গৰু-ম’হৰ ওচৰলৈ নাহিব।

তেনেকৈয়ে মই হাবিলৈ গ’লে আৰু গৰু-ম’হ চৰালে টাৰ্পা বজাবলৈ ল’লো। মানুহে অভিযোগ কৰে, ‘গোটেই দিনটো ধিণ্ডাৰ ল’ৰাটোৱে ক্যেও ক্যেও কৰি থাকে।’ পিতাইয়ে এদিন মোক কৈছিল, ‘জীয়াই থকালৈকে তোক টাৰ্পা বনাই দিম। কিন্তু মৰি গ’লে কোনে বনাই দিব?’ সেয়ে মই টাৰ্পা বনোৱা শিকিলো।

টাৰ্পা বনাবলৈ আপোনাক তিনিবিধ সামগ্ৰী লাগে। মাড় পাত (তালৰ পাত) লাগে শব্দৰ বাবে (অনুনাদ গহ্বৰটোৰ বাবে)। দুটুকুৰা বাঁহ, মতা আৰু মাইকী অংশৰ বাবে। মতা টুকুৰাটোত ফুটা থাকে, যিটোৰে সুৰ তোলা হয়। তৃতীয়বিধ সামগ্ৰী হৈছে দুধি (পানী লাও), বতাহৰ বাবে। তাৰ মাজেৰে যেতিয়া বাঁহৰ মতা-মাইকী অংশলৈ মুখেৰে ফুৱাই পঠিয়াও, এক সুন্দৰ আকৰ্ষণীয় শব্দৰ সৃষ্টি হয়।

টাৰ্পা এটা পৰিয়ালৰ দৰে। মতা আৰু মাইকী থাকে। টাৰ্পাত ফুক দিলে বায়ুখিনি দুয়োটা অংশৰে পাৰ হৈ এক যাদুকৰী শব্দৰ সৃষ্টি কৰে। এনেয়ে দেখিলে সেয়া নিষ্প্ৰাণ। কিন্তু তাত মোৰ উশাহ সোমালে ই প্ৰাণৱন্ত হৈ পৰে আৰু মধুৰ সংগীতৰ সৃষ্টি হয়। বজোৱাৰ ঠিক আগেয়ে ভালকৈ উশাহ টানি ল’ব লাগে। আকৌ বজোৱাৰ সময়ত নিজৰ দেহৰ বাবেও উচিত পৰিমাণৰ বায়ু ৰখাটোও চাব লাগে।

আমি এনে এটা বাদ্যযন্ত্ৰ যে সাজিব পাৰিছো, সেয়া ইশ্বৰৰ আশীৰ্বাদ। এয়া ইশ্বৰৰ বস্তু।

পিতাইয়ে কৈ থাকিছিল, ‘গৰু চৰাবলৈ গ’লে বেলেগ একো কৰিব নালাগে যিহেতু টাৰ্পাকে বজাই থাকিব পাৰ দেখোন? দেহাটো সুস্থ থাকিব আৰু মনটোও ভাল লাগিব’

ভিডিঅ’টো চাওক: ‘মোৰ টাৰ্পাই মোৰ ইশ্বৰ’

*****

মোৰ আই-পিতাইয়ে আৰু বুঢ়া-মেথাবোৰে বিভিন্ন কাহিনী কৈছিল। সেইবোৰ ক’লে মানুহে মোক বেয়া পাব। কিন্তু সেইবোৰ আমাক আমাৰ পূৰ্বপুৰুষে কৈছিল।

ব্ৰহ্মাণ্ড সৃষ্টিৰ পিছত ইশ্বৰে প্ৰস্থান কৰিছিল। তেন্তে ৱাৰ্লিসকল আহিল ক’ৰ পৰা?

কন্দৰাম দেহলিয়াৰ পৰা।

ইশ্বৰে কন্দৰাম দেহলিয়া আৰু তেওঁৰ মাতৃৰ বাবে অলপ দৈ ৰাখিছিল। তেওঁ দৈখিনি খালে, কিন্তু লগতে ম’হটোও খাই পেলালে। মাকৰ খং উঠিল আৰু তেওঁক ঘৰৰ পৰা উলিয়াই দিলে।

প্ৰথমজন ৱাৰ্লি কন্দৰাম দেহলিয়া কেনেকৈ আহি এইখিনি পাইছিল, সেইবিষয়ে পূৰ্বপুৰুষে আমাক কয়।

কন্দৰাম দেহল্যালহুন

পলসোণ্ড্যালা পৰসংগ ঝালা
নটৱচৌণ্ডিলা নটলঁ
খৰৱণ্ড্যালা খৰঁ ঝালা
শিণগাৰপাণ্ড্যাল্যা শিণগাৰলঁ
আডখডকালা আড ঝালঁ
কাটা খৌচায় কাসটৱাড়ী ঝালাঁ
কসেলীলা য়েউন হসলঁ
আন্ ৱালৱাণ্ড্যালা য়েউন বসলঁ।
গৌড়য়ালা জান খৰঁ জালঁ
গৌড়য়ালা ৰহলা গৌণ্ড্যা
চান্দ্যা আলঁ, গম্ভীৰগডা আলঁ।

Kandram Dehlyalahun

Palsondyala parsang jhala
Natavchondila Natala
Kharvandyala khara jhala
Shingarpadyala shingarala
Aadkhadakala aad jhala
Kata khochay Kasatwadi jhala
Kaselila yeun hasala
Aan Walwandyala yeun basala.
Goryala jaan khara jaala
Goryala rahala Gondya
Chandya aala, Gambhirgada aala

*এই কাব্য পালঘৰ জিলাৰ জৱহৰ ব্লকৰ গাওঁ আৰু চুবুৰীবোৰৰ সৈতে শব্দৰে ছন্দৰ খেল।

PHOTO • Siddhita Sonavane
PHOTO • Siddhita Sonavane

বাওঁফালে: পত্নী তাই ধিণ্ডাৰ সৈতে ভিকলিয়া ধিণ্ডা। ‘টাৰ্পা পৰিয়াল এটাৰ দৰেই। মতা আৰু মাইকী থাকে। তাত ফুক দিলে দুয়ো লগ লাগি এক যাদুকৰী মধুৰ শব্দৰ সৃষ্টি কৰে। এনেয়ে পৰি থাকিলে শিলৰ দৰে নিষ্প্ৰাণ। কিন্তু মোৰ উশাহেৰে ই প্ৰাণ পাই উঠে আৰু মধুৰ সংগীতৰ সৃষ্টি হয়’

ৱাৰ্লিৰ দৰে ভালেমান সম্প্ৰদায় এই ঠাইত বাস কৰিছে। ৰাজকোলি, ককনা, কাটকাৰি, ঠাকুৰ, মাহাৰ, চাম্ভাৰ… আদি বিভিন্ন সম্প্ৰদায়ৰ লোকৰ সৈতে মহাৰাজাৰ (জৱহৰৰ ৰজা) দৰবাৰত মই কাম কৰিছো। ৰজাৰ দৰবাৰত তেওঁ আনবোৰৰ সৈতে কাৰৱাল পাতত আহাৰ খাইছিল। মই তাত কাম কৰিছিলো আৰু ব্যৱহৃত পাতবোৰ পেলাই দিছিলো। আটাইবোৰ সম্প্ৰদায়ৰ লোক একগোট হৈ এটা শাৰীত আহাৰ গ্ৰহণ কৰিছিল। কাকো সৰু-ডাঙৰ গণ্য কৰা হোৱা নাছিল। মই তাতেই সেই পৰম্পৰা শিকিছিলো আৰু কাটকাৰি নাইবা মুছলমানৰ হাতেৰে পানী খাইছিলো। ৱাৰ্লিয়ে স্পৰ্শ কৰা পানী ৰাজকোলিয়ে গ্ৰহণ নকৰিছিল। আমাৰ মানুহে কাটকাৰি বা চাম্ভাৰ নাইবা ধৰ কোলিয়ে স্পৰ্শ কৰা পানী নাখায়। এতিয়াও নাখায়। কিন্তু এনে বৈষম্যত মই কেতিয়াও বিশ্বাসী নাছিলো।

হিৰৱা দেৱ আৰু টাৰ্পা উপাসক মানেই জানিব তেওঁলোক ৱাৰ্লি আদিবাসী সম্প্ৰদায়ৰ।

আমি সকলোৱে মিলিজুলি উৎসৱ উদযাপন কৰোঁ। ধান চপালে আমি আত্মীয়-সম্পৰ্কীয়কে ধৰি চুবুৰীয়াকো দিও আৰু প্ৰথমে আমাৰ গাঁৱৰ গাওঁদেৱীলৈ সেয়া আগবঢ়াও। এখুদমান দেৱীলৈ আগবঢ়োৱাৰ পিছতহে আমি খাওঁ। আপুনি এয়া অন্ধ-শ্ৰদ্ধা বুলি ভাবিব পাৰে। কিন্তু এয়া তেনেকুৱা নহয়। এয়া আমাৰ শ্ৰদ্ধা, আমাৰ বিশ্বাস।

নতুন ফচল লৈ আমি গাওঁদেৱীৰ মন্দিৰলৈ যাওঁ। সেয়া আমাৰ স্থানীয় দেৱী। আমি কিয় দেৱীৰ বাবে এটা মন্দিৰ বনালো আৰু ইয়াত প্ৰতিষ্ঠা কৰিলো? আমি দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাওঁ, ‘আমাৰ সন্তান, আত্মীয়-সম্পৰ্কীয়, গৰু-ম’হ আৰু শ্ৰমিকক সুৰক্ষিত কৰি ৰাখক আৰু সুস্বাস্থ্য দিয়ক।’ আমি আদিবাসীসকলে মন্দিৰলৈ গৈ আমাৰ দেৱীৰ উপাসনা কৰোঁ, দেৱীৰ নাম লওঁ আৰু আমাৰ মনোকামনা দেৱীৰ আগত ৰাখো।

PHOTO • Siddhita Sonavane

বাৰীৰ পানীলাওৰ চাংখনৰ তলত ভিকলিয়া বাবা। বিচৰা ধৰণে আকাৰ দিবলৈ তেওঁ পানীলাও ৰছীৰে গাঠি থয় আৰু ভাঁজ কৰিবলৈ শিল ওলমায় থয়। ‘কেৱল টাৰ্পা বনাবলৈ এই খেতি কৰিছো। কোনোবাই ইয়াৰ পৰা চুৰ কৰি নি খালে তাৰ ফোঁহা ওলাব নাইবা গল বিষাব,’ তেওঁ কয়

টাৰ্পাই আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ৱাঘবাৰচত আমি সবৰি দেৱীৰ উৎসৱ উদযাপন কৰোঁ। আপুনি সেই সবৰিক জানে, যিয়ে ভগৱান ৰামক আধাখোৱা বগৰী দিছিল। আমাৰ কাহিনীটো অলপ বেলেগ। সবৰি দেৱীয়ে ৰামৰ অপেক্ষাত অৰণ্যত ৰৈ আছিল। তেওঁ সীতাৰ সৈতে তালৈ আহিল। সবৰিয়ে তেওঁক লগ পাই ক’লে যে তেওঁ অতদিন ধৰি তেওঁৰ বাবে অপেক্ষা কৰি আছিল। এতিয়া তেওঁৰ সাক্ষাৎ যিহেতু হ’ল, গতিকে জীৱনটো সাৰ্থক হ’ল। এনেকৈ কৈ তেওঁ নিজৰ জীৱৰা (হৃদয়)খন উলিয়াই ৰামৰ হাতত সঁপি দি প্ৰাণত্যাগ কৰে।

দেৱীৰ প্ৰেম আৰু সমৰ্পণৰ কাহিনী উদযাপনৰ বাবে আমি পাহাৰ-পৰ্বত আৰু অৰণ্যলৈ টাৰ্পা লৈ যাওঁ। অৰণ্যখন বহু দেৱ-দেৱীৰ ঘৰ। টাংৰা দেৱী, গোহৰা সবৰি, পোপটা সবৰী, টুম্বা সবৰি আৰু ঘুংগা সবৰি আদি দেৱী অৰণ্য নিবাসী। এই সকল হৈছে প্ৰকৃতিৰ দেৱী। এইসকল দেৱীৰ অস্তিত্ত্ব আছে। এতিয়াও সকলো বিদ্যমান। আমি তেওঁলোকৰ উপাসনাৰে আৰম্ভ কৰোঁ। মই টাৰ্পা বজাই সকলোকে উৎসৱ উদযাপনৰ বাবে আৱাহন কৰোঁ। প্ৰতিগৰাকী দেৱীৰ বাবে মই ভিন্ন সুৰ টাৰ্পাত তোলো। প্ৰতিজনৰ বাবে সুৰ বেলেগ বেলেগ হয়।

*****

সেয়া আছিল ২০২২ বৰ্ষ। মই বিভিন্ন ঠাই যেনে নন্দুৰবাৰ, ধুলে, বৰোদা আদিৰ পৰা অহা আদিবাসী লোকৰ সৈতে বহি আছিলো। তাত বহি থকা মানুহে মই যে আদিবাসী হয়, তাৰ প্ৰমাণ বিচাৰিছিল।

মই সিহঁতক ক’লো যে এই ধৰাত প্ৰথমে ভূমিষ্ঠ হোৱা, মাটিৰ সোৱাদ লোৱাজন আছিল আদিবাসী আৰু সেইজন আছিল মোৰ পূৰ্বপুৰুষ। মই ক’লো যে আমি উশাহেৰে যি সংগীত সৃষ্টি কৰোঁ, সেয়াই আমাৰ সংস্কৃতি। আমি হাতেৰে যে খেলা কৰোঁ, সেয়া আপুনি চিত্ৰশিল্পত দেখিব। চিত্ৰশিল্প পিছতহে আহিল। উশাহ আৰু সংগীত চিৰপ্ৰৱাহমান। শব্দ আৰু সংগীত সৃষ্টিৰ আদিকালৰ পৰাই আছে।

টাৰ্পা যে এহাল দম্পতী, সেই কথাৰে মই মোখনি মাৰিলো। পৰিয়ালত পুৰুষ-মহিলা দুয়োজনে পৰস্পৰক যিদৰে সহায় কৰে, সেই একেই সমন্বয় আপুনি টাৰ্পাত দেখিব। এটা উশাহে দুয়োকে এক কৰে আৰু যাদুকৰী শব্দৰ সৃষ্টি হয়।

মোৰ উত্তৰটোৱে প্ৰথম পুৰস্কাৰ পালে। মোৰ ৰাজ্যখনক মই প্ৰথম স্থান দিয়াব পাৰিলো!

হাতযোৰ কৰি মই মোৰ টাৰ্পা হাতত লওঁ, ‘হে প্ৰভু, মই তোমাৰ সেৱক, তোমাৰ উপাসক। প্ৰতিদানত প্ৰভু, তুমি মোক চাব লাগিব। মই উৰিব বিচাৰো। মোক এখন উৰাজাহাজত উঠাই দিয়া। আৰু বিশ্বাস কৰক, মোৰ টাৰ্পাখনে মোক আকাশলৈ উৰুৱাই লৈ গ’ল। ভিকলিয়া লাড়কিয়া ধিণ্ডাই উৰাজাহাজত ঘূৰিছিল। ভালেমান ঠাই ঘূৰিছো। আলান্দি, জেজুৰি, বৰামাটি, চান্যা (চানি), চিনগানাপুৰ… কিমান যে ঠাই ঘূৰিছো। ইয়াৰ কোনোৱে পানাজীলৈকেও যোৱা নাই। পানাজী - গোমা (গোৱা)ৰ ৰাজধানী। কিন্তু মই তালৈকে গৈছো। তাৰপৰা এখন চাৰ্টিফিকেট পাইছো।’

PHOTO • Siddhita Sonavane
PHOTO • Siddhita Sonavane

বাওঁফালে: ভিকলিয়া বাবাই বনোৱা বিভিন্ন ধৰণৰ টাৰ্পা। সোঁফালে: টাৰ্পা বজাই তেওঁ ভালেমান বঁটা আৰু প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ২০২২ত তেওঁ সন্মানীয় সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল আৰু দিল্লীত তেওঁ সম্বৰ্ধনা জনোৱা হৈছিল। তেওঁৰ কোঠাৰ এখন বেৰ বঁটা আৰু প্ৰমাণপত্ৰৰে ভৰি আছে

বহুত কথা ক’বলগীয়া আছে, কিন্তু নকওঁ। মোৰ বয়স হৈছে, ৮৯ বছৰীয়া অভিজ্ঞতাৰ কিমান যে কাহিনী আছে। কিন্তু মই কেতিয়াও সেইবোৰ নকওঁ। বুকুত সাঁচি ৰাখো। বহুত ৰিপ’ৰ্টাৰ আৰু সাংবাদিক আহে আৰু মোৰ কাহিনী লিখে। তেওঁলোকে কিতাপ লিখে আৰু জগতখনক কৈ ফুৰে যে তেওঁলোকে মোক বিখ্যাত কৰিছে। বহুত সংগীতজ্ঞ আহি মোৰ সংগীত চুৰি কৰিবলৈ চেষ্টা কৰে। সেয়ে মই কাকো সাক্ষাৎ কৰিব নোখোজো। মোক লগ কৰিবলৈ যে পাইছা, তুমি ভাগ্যৱান।

সংগীত নাটক একাডেমী বঁটা পাইছো। অনুষ্ঠানটো দিল্লীত হৈছিল। বঁটা লওঁতে মোৰ চকু চলচলীয়া হৈছিল। মোৰ দেউতাই মোক কেতিয়াও স্কুললৈ নপঠিয়ালে। সেই শিক্ষাৰে চাকৰি পাবও পাৰো, নাপাবও পাৰো - এইবুলি তেওঁ চাগে ভাবিছিল। কিন্তু তেওঁ মোক কৈছিল যে ‘এই বাদ্যযন্ত্ৰ আমাৰ ইশ্বৰ।’ এয়া সঁচাকৈয়ে ইশ্বৰ। ইয়ে মোক সকলো দিলে। মোক মানৱতা শিকালে। বিশ্বই মোৰ নাম জানে। মোৰ টাৰ্পা ডাক টিকটত ছপোৱা হৈছে। আপুনি ম’বাইলত মোৰ নাম টাইপ কৰি চালে মোৰ ভিডিঅ’ দেখা পাব… আৰু কি লাগে জীৱনত? কুঁৱাৰ ভেকুলী এটাই বাহিৰৰ জগতখন নাজানে। মই সেই কুঁৱাৰ পৰা বাহিৰলৈ ওলাব পাৰিলো… জগতখন দেখিলো।

আজিৰ প্ৰজন্মই টাৰ্পাৰ সুৰত নানাচে। সিহঁতে ডিজে মাতে। মাতক। কিন্তু মোক এটা কথা কওঁক। যেতিয়া আমি পথাৰৰ পৰা শস্য চপাও, নতুন চাউল গাওঁদেৱীলৈ আগবঢ়াও, দেৱীৰ উপাসনা কৰোঁ, তেতিয়া কি আমি ডিজে বজামনে? সেই সময়ত আমাক আন একো নালাগে, টাৰ্পা কিন্তু লাগিবই।

সাক্ষাকাৰ , লিপ্যন্তৰ আৰু ইংৰাজী অনুবাদ : মেধা কালে
আলোকচিত্ৰ আৰু ভিডিঅ ’: সিদ্ধিতা সোণাৱানে

এই প্ৰতিবেদন দেশখনৰ বিলুপ্তপ্ৰায় আৰু সংকটাপন্ন ভাষাসমূহ নথিবদ্ধকৰণৰ উদ্দেশ্যে পাৰিয়ে হাতত লোৱা বিলুপ্তপ্ৰায় ভাষা প্ৰকল্পৰ এটা অংশ

ৱাৰ্লি হৈছে ভাৰতৰ গুজৰাট , দমন আৰু দিউ , দাদৰা আৰু নগৰ হাভেলি , মহাৰাষ্ট্ৰ , কৰ্ণাটক আৰু গোৱাত বসবাস কৰা ৱাৰ্লি বা ভাৰ্লি আদিবাসী লোকে কোৱা ইণ্ডো - আৰ্য্য ভাষা ইউনেস্কোৰ ভাষাৰ এটলাচত ভাৰ্লি ভাষাক ভাৰতৰ সাম্ভাব্য বিলুপ্তপ্ৰায় ভাষা হিচাপে চিহ্নিত কৰা হৈছে।

আমি মহাৰাষ্ট্ৰৰ ৱাৰ্লি ভাষা নথিবদ্ধ কৰাৰ লক্ষ্য হাতত লৈছো

অনুবাদ: পংকজ দাস

Bhiklya Ladkya Dhinda

Bhiklya Ladkya Dhinda is an award-winning Warli Tarpa player from Walwande in Jawhar block of Palghar district. His most recent honour being the Sangeet Natak Akademi Puraskar in 2022. He is 89.

Other stories by Bhiklya Ladkya Dhinda
Photos and Video : Siddhita Sonavane

Siddhita Sonavane is Content Editor at the People's Archive of Rural India. She completed her master's degree from SNDT Women's University, Mumbai, in 2022 and is a visiting faculty at their Department of English.

Other stories by Siddhita Sonavane
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das