১৩ ফেব্ৰুৱাৰীত দেবিন্দৰ সিং ভাংগু নামৰ পাঞ্জাৱৰ এজন সমাজ বিজ্ঞানৰ ছাত্ৰই কৃষকৰ প্ৰতিবাদত যোগদান কৰিবলৈ বুলি বন্ধু-বান্ধৱীৰ সৈতে শম্ভু সীমান্তত উপস্থিত হয়। দুপৰীয়া প্ৰায় ২ বজাত যেতিয়া তেওঁলোক আহি পাইছিল তেতিয়া সীমান্তৰ হাৰিয়ানাৰ ফালৰ পৰা ইতিমধ্যে ৰেপিড একশ্যন ফৰ্চ (আৰএএফ) আৰু আৰক্ষী সষ্টম হৈ আছিল।

দেবিন্দৰৰ বন্ধু তৰণবীৰ সিঙে কয়, “আমি শান্তিপূৰ্ণভাৱে থিয় দি আছিলো। তেনেতে তেওঁৰ বাওঁ চকুত ৰবৰৰ গুলী লাগে। লগে লগে দেবিন্দৰ ঢলি পৰিল। আমি যেতিয়া তেওঁক উঠাবলৈ লৈছিলো, সেই সময়তে আৰক্ষীয়ে আমালৈ লক্ষ্য কৰি কন্দুৱা গেছ নিক্ষেপ কৰিছিল।” তেওঁলোক সভাস্থলীত উপস্থিত হোৱাৰ এঘণ্টাৰ ভিতৰতে বিয়লি প্ৰায় ৩ বজাত এই সকলোবোৰ সংঘটিত হৈছিল।

আন আন দাবীৰ লগতে নূন্যতম সমৰ্থন মূল্য (এম.এছ.পি)ৰ আইনী নিশ্চয়তাৰ দাবীৰে ১৩ ফেব্ৰুৱাৰীত কৃষকসকলে দিল্লীলৈ সমদল উলিয়াইছিল। পাঞ্জাৱ আৰু হাৰিয়ানাৰ শম্ভু সীমান্তত আৰক্ষী আৰু আৰএএফে বেৰিকেড স্থাপন কৰিছিল। কৃষকসকলে আগবাঢ়ি যাবলৈ চেষ্টা কৰাৰ সময়ত তেওঁলোকলৈ লক্ষ্য কৰি নিক্ষেপ কৰা হৈছিল কন্দুৱা গেছ আৰু ৰবৰৰ গুলী। (আৰু পঢ়ক: ‘শম্ভু সীমান্তত নিজকে কাৰাৰুদ্ধ যেন লাগিছে ’)।

কন্দুৱা গেছৰ প্ৰভাৱকো নেওচি বন্ধুসকলে তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থকা দেবিন্দৰক ততাতৈয়াকৈ তুলিবলৈ চেষ্টা কৰিছিল। ২২ বছৰীয়া দেবিন্দৰক এম্বুলেন্সৰ জৰিয়তে প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত থকা বানুৰৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। লগে লগে তেওঁক উন্নত চিকিৎসাৰ বাবে চণ্ডীগড়ৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় আৰু তাতেই ১৫ ফেব্ৰুৱাৰীত তেওঁৰ চকুৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়। চিকিৎসকে জনোৱা মতে তেওঁ বাওঁ চকুটোৰে আগৰ দৰেকৈ দেখা পোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ।

দেবিন্দৰৰ পিতৃ কৃষক মঞ্জিত সিঙে সাংবাদিকৰ আগত কয় যে তেওঁৰ পুত্ৰই বিদেশলৈ যোৱাতকৈ দেশতে থাকি আৰক্ষীত যোগদানৰ প্ৰস্তুতি চলাই আহিছিল।

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাওঁফালে: কৃষকৰ প্ৰতিবাদত যোগ দিবলৈ বন্ধু-বান্ধৱীৰ সৈতে শম্ভু সীমান্তত উপস্থিত হৈছিল দেবিন্দৰ সিং ভাংগু। তেওঁলোক অহাৰ এঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে নিক্ষেপ কৰা ৰবৰৰ গুলীয়ে তেওঁৰ বাওঁ চকুত আঘাত কৰে আৰু তেওঁক চিকিৎসালয়লৈ নিবলগীয়া হয়। সোঁফালে: তেওঁৰ পিতৃ মঞ্জিত সিঙে কয় যে দেবিন্দৰে বিদেশলৈ যোৱাতকৈ ইয়াতে থাকি আৰক্ষী হোৱাৰ সপোন দেখিছিল

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাওঁফালে: শম্ভুত ট্ৰেক্টৰত নিৰ্মিত অস্থায়ী মঞ্চৰ দিশে আগবাঢ়িছে কৃষকসকল। সোঁফালে: কৃষকে আঁৰি দিয়া এখন প্ৰচাৰ পত্ৰিকাত লিখা আছে, ‘আমি কৃষকহে, সন্ত্ৰাসবাদী নহয়’

পাটিয়ালা জিলাৰ শ্বেইখুপুৰ গাওঁ নিবাসী প্ৰায় ৮ একৰ মাটিৰ গৰাকী দেবিন্দৰৰ পৰিয়ালে ২০২০-২১ চনত দিল্লীৰ সীমান্তত তিনিখন কৃষি আইনৰ বিৰোধিতা কৰি কৃষকৰ পদযাত্ৰাতো ভাগ লৈছিল। কৃষক আন্দোলন সন্দৰ্ভত PARIৰ প্ৰতিবেদন পঢ়কঃ কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ সম্পূৰ্ণ কাভাৰেজ

পাঞ্জাৱৰ সীমান্তৰ ভিতৰত হাৰিয়ানা আৰক্ষীয়ে ৰবৰৰ গুলী আৰু কন্দুৱা গেছ কিদৰে নিক্ষেপ কৰিব পাৰিছে সেই কথা জানিব বিচাৰিছে প্ৰতিবাদকাৰী কৃষকসকলে। তেওঁলোকৰ প্ৰশ্ন, "নিজৰ ৰাজ্যত যদি আমি সুৰক্ষিত নহয়, তেন্তে আমি থাকিম ক'ত?" হাৰিয়ানাৰ আৰক্ষীয়ে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক লক্ষ্য কৰি লৈছে বুলি অভিযোগ কৰি তেওঁলোকে আৰু কয়, ''এইক্ষেত্ৰত পাঞ্জাৱ চৰকাৰে কিবা এটা কৰা উচিত।’’

কৃষক নেতা গুৰমিত সিঙে পাৰিৰ আগত কয় যে পাঞ্জাৱ আৰক্ষী আৰু উপায়ুক্তৰ ওচৰতো তেওঁলোকে এই বিষয়টো উত্থাপন কৰিছে। তেওঁক কোৱা হৈছিল যে পাঞ্জাৱ আৰক্ষীয়ে আম্বালা আৰক্ষীৰ সৈতে এই বিষয়ে কথা পাতিছে। কিন্তু তাৰ পিছতো হাৰিয়ানা আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ এৰা নাছিল।

জানিব পৰা মতে, ৱাটাৰ কেনন, কন্দুৱা গেছ আৰু ৰবৰৰ গুলী প্ৰয়োগৰ ফলত এশৰো অধিক কৃষক আহত হৈছে। তিনিজন প্ৰতিবাদকাৰী কৃষকে চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলাইছে। পৰিস্থিতিলৈ চাই পাঞ্জাৱৰ স্বাস্থ্যমন্ত্ৰীয়ে হাৰিয়ানা আৰক্ষীয়ে কৃষকৰ ওপৰত চলোৱা অত্যাচাৰক ‘অযুক্তিকৰ’ আখ্যা দি গৰিহণা প্ৰদান কৰিছে।

যোৱা ১৩ ফেব্ৰুৱাৰীত লাঠীচালনাৰ ফলত মূৰত আঘাত পাইছিল তৰণ তাৰণ জিলাৰ ধাৰিৱাল গাঁৱৰ কৃষক জাৰ্ণাইল সিঙে। ৪৪ বছৰীয়া কৃষকজনৰ মূৰত পাঁচটা চিলাই পৰিছে যদিও এতিয়াও ঘৰলৈ যাব বিচৰা নাই। তেওঁ কয়, “সকলো লোক ইয়াত আছে, মই গাঁৱলৈ গৈনো কি কৰিম?”

প্ৰতিবাদস্থলীত চিকিৎসা শিবিৰ পৰিচালনা কৰি থকা চিকিৎসক ডাঃ মনদীপ সিঙে কয় যে প্ৰতিবাদ আৰম্ভ হোৱাৰ পৰাই তেওঁ কমেও ৪০০ লোকক চিকিৎসা প্ৰদান কৰিছে। ইয়াৰে অধিকাংশই লোকেই কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈ তেওঁৰ কাষ চাপিছিল।

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাওঁফালে: প্ৰদৰ্শনৰ বাবে ট্ৰলী সাজু কৰি কৃষকসকল উপস্থিত হৈছে। সোঁফালে: লাঠিচালনাৰ সময়ত মূৰত আঘাত পোৱাৰ ফলত পাঁচটা চিলাইৰ প্ৰয়োজন হোৱা জাৰ্ণাইল সিঙক বেণ্ডেজ লগাই দিছে ডাঃ মনদীপ সিঙে

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাওঁফালে: দুষ্ট চক্ৰই সাংবাদিকক আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হোৱাৰ পিছত কৃষক সংগঠনসমূহে সাংবাদিকক স্বাক্ষৰিত মিডিয়া কাৰ্ড দিবলৈ আৰম্ভ কৰিছে। কৃষক নেতা ৰঞ্জিত সিং ৰাজুৱে (মাজত) সাংবাদিকসকলৰ সবিশেষ লিখি ৰাখিছে আৰু স্বেচ্ছাসেৱকসকলক যিকোনো সমস্যা হ’লেই সহায় কৰিবলৈ কৈছে। সোঁফালে: কৃষক সংগঠনে নিযুক্তি দিয়া স্বেচ্ছাসেৱকসকলে দুষ্কৃতিকাৰীৰ ওপৰত চকু ৰাখিবলৈ নিৰাপত্তাৰক্ষী বা চকীদাৰ হিচাপে কাম কৰে

পাঞ্জাৱৰ স্বাস্থ্য মন্ত্ৰী ডাঃ বলবীৰ সিং পূৰ্বে আছিল এগৰাকী চকুৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞ। প্ৰতিবাদৰ সময়ত আহত কৃষকৰ অৱস্থাৰ বিষয়ে জানিবলৈ তেওঁ নিজেই চিকিৎসা কৰিছে। ১৪ ফেব্ৰুৱাৰীত তেওঁ ঘোষণা কৰে যে প্ৰতিবাদৰ সময়ত আহত সকলো কৃষকৰ চিকিৎসাৰ সমগ্ৰ খৰচ পাঞ্জাৱ চৰকাৰে বহন কৰিব

প্ৰতিবাদস্থলীত সংবাদ মাধ্যমকো লক্ষ্য কৰি লৈছিল একাংশ দুষ্কৃতিকাৰীয়ে। সংবাদ মাধ্যমৰ লোকসকলক সহায় কৰিবলৈ আৰু এনে দুষ্কৃতিকাৰীক চিনাক্ত কৰি উলিয়াবলৈ কৃষক সংগঠনসমূহে স্বেচ্ছাসেৱক নিযুক্তিৰো ব্যৱস্থা কৰিছে।

সংবাদ মাধ্যমৰ লোকসকলৰ সুৰক্ষাৰ বাবে, আৰু এনে ন্যস্ত স্বাৰ্থজনিত চক্ৰৰ সৈতে মোকাবিলা কৰিবলৈ কৃষক সংগঠনসমূহে বাতৰি সংগ্ৰহৰ বাবে অহা সাংবাদিকসকলৰ বাবে মিডিয়া পাছৰো ব্যৱস্থা কৰিছে।

কৃষক নেতা ৰঞ্জিত সিং ৰাজুৱে কয় যে সাংবাদিকৰ সুৰক্ষাৰ বাবেই এনে ব্যৱস্থা কৰা হৈছে। কাৰ্ডত সংবাদদাতাৰ সবিশেষ লিখা থাকে আৰু পঞ্জীয়ন বহীতো সবিশেষ তথ্য লিখি ৰাখি কৃষক নেতা এজনে উক্ত কাৰ্ডত স্বাক্ষৰ কৰে।

*****

দেবিন্দৰৰ দৰে শম্ভু সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰা বহু কৃষকেই ২০২০-২০২১ বৰ্ষৰ প্ৰতিবাদতো ভাগ লৈছিল।

দিল্লী সীমান্তত প্ৰতিবাদৰ সময়তে মৃত্যুক আকোৱালি লৈছিল কৰ সেৱা দলৰ সদস্য বাবা লাভ সিঙৰ খুলশালীয়েকে। “প্ৰতিবাদৰ সময়ত মোৰ খুলশালী অজইব সিঙৰ নিউমোনিয়াত আক্ৰান্ত হৈ মৃত্যু হৈছিল। তাৰ কিছুদিন পূৰ্বে তেওঁৰ পত্নীৰো মৃত্যু হৈছিল। তেওঁলোকৰ দুটা সন্তান এতিয়া অনাথ হৈ পৰিছে,’’ ১৮ ফেব্ৰুৱাৰীত শম্ভু সীমান্তৰ প্ৰতিবাদী সভাত ভাষণ দি ৬২ বছৰীয়া লাভ সিঙে এইদৰে কয়।

তেওঁ আৰু কয়, “নিৰ্বাচনৰ সময়ত নেতাসকলে আমাৰ ওচৰলৈ আহি হাতযোৰ কৰে। কিন্তু যেতিয়া আমাৰ দাবীৰ কথা আহি পৰে তেতিয়া সেইসকল নেতাই সকলো শুনিও নুশুনাৰ ভাও জোৰে। গতিকে চৰকাৰ আহিব আৰু গৈ থাকিব। আমি খেতিয়কসকলে নিজৰ অধিকাৰৰ যুঁজ নিজেই কৰি যাব লাগিব।”

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাওঁফালে: ২০২০-২১ চনৰ প্ৰতিবাদৰ সময়ত খুলশালীয়েকক হেৰুওৱা বাবা লাভ সিঙে শম্ভু সীমান্তত কৃষকৰ প্ৰতিবাদী সভাত সম্বোধন কৰিছে। সোঁফালে: দুদিনীয়া যাত্ৰাৰ অন্তত শম্ভুত উপস্থিত হৈছে হৰভজন কৌৰ (সোঁফালে)। তেওঁ কয়, 'ল'ৰাই মোক আহিবলৈ মানা কৰিছিল যদিও মই যামেই বুলি কৈছিলো’

PHOTO • Arshdeep Arshi
PHOTO • Arshdeep Arshi

বাওঁফালে: প্ৰতিবাদকাৰীয়ে জানিব বিচাৰিছে যে কেনেকৈ হাৰিয়ানা আৰক্ষীয়ে পাঞ্জাৱৰ সীমান্তৰ ভিতৰত ৰবৰৰ গুলী আৰু কন্দুৱা গেছ নিক্ষেপ কৰিব পাৰিলে। ‘নিজৰ ৰাজ্যতেই যদি আমি নিৰাপদ নহওঁ, তেন্তে আমিনো ক’ত থাকিম?’ বুলি তেওঁলোকে প্ৰশ্ন কৰে আৰু কয় যে আৰক্ষীয়ে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক লক্ষ্য কৰি লৈছিল। সোঁফালে: আন প্ৰতিবাদকাৰীৰ দৰে শম্ভু সীমান্তত উপস্থিত হোৱা বাহনসমূহো ২০২০-২১ চনৰ প্ৰতিবাদৰ অংশ আছিল। ট্ৰেক্টৰখনত লিখা আছে, ‘হৰপাৱেংগে, হৰপুৱাৱেংগে...শুন দিল্লিয়ে, পৰ হাৰ কে নহি জাৱেংগে (সন্মান দিম, সন্মান ল’ম, কিন্তু হাৰ মানি ঘূৰি নাযাও)’

গুৰদাসপুৰৰ ডুগৰি গাঁৱৰ মহিলা কৃষক দলৰ মাজৰ এগৰাকী হৈছে হৰভজন কৌৰ। দুদিন যাত্ৰা কৰি তেওঁলোক শম্ভু সীমান্ত আহি পাইছে। ৭৮ বছৰীয়া হৰভজন কৌৰে কয়, “ল’ৰাই মোক আহিব নালাগে বুলি কৈছিল। মই কৈছিলো যে অকলে অকলে গাঁৱতনো কি কৰি থাকিম? তাতকৈ কৃষকৰ অধিকাৰৰ হকে যদি মৰিবলগীয়া হয়, মইয়েই আগতে মৰিবলৈ ভাল পাম।’’

গাঁৱৰ আন মহিলাসকলৰ সৈতে ২০২০-২১ চনত তেঁৱো দিল্লীৰ সীমান্তত হোৱা প্ৰতিবাদত ভাগ লৈছিল।

কৃষি আইনৰ বিৰুদ্ধে হোৱা প্ৰথমটো প্ৰতিবাদত যিসমূহ বাহন লৈ তেওঁলোকে প্ৰতিবাদস্থলীলৈ আহিছিল, এইবাৰো সেই বাহনসমূহত উঠিয়েই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে। শম্ভু সীমান্তত ৰখাই থোৱা এখন ট্ৰেক্টৰত এতিয়াও জিলিকি আছে তিনিবছৰ আগতে লিখা সেই শ্ল’গান, হৰপাৱেংগে, হৰপুৱাৱেংগে...শুন দিল্লিয়ে, পৰ হাৰ কে নহি জাৱেংগে (সন্মান দিম, সন্মান ল’ম, কিন্তু হাৰ মানি ঘূৰি নাযাও)।

আন এখন গাড়ীত লিখা আছে: “জাদো পাতা হোৱে সীনেয়ান চ চ্চেক হোংগে, অদো জং জান ৱালে বন্দে আম নহী হুন্দে” (যেতিয়া বুলেটে বুকু ভেদি যাব বুলি জানিও মানুহ যুদ্ধলৈ যায়, সেইজন আৰু সাধাৰণ মানুহ হৈ নাথাকে।”

উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰীসভাই এমএছপিক লৈ নতুন প্ৰস্তাৱ আগবঢ়োৱাৰ পিছতে দেওবাৰে ' দিল্লী চলো কাৰ্যসূচী সাময়িকভাৱে বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰতিবাদী কৃষকসকলে। অৱশ্যে চালিজাৰি চোৱাৰ অন্তত কৃষকসকলে উক্ত প্ৰস্তাৱ নাকচ কৰি ২১ ফেব্ৰুৱাৰীত পুনৰ দিল্লী অভিমুখে পদযাত্ৰা কৰাৰ কথা ঘোষণা কৰে।

PHOTO • Arshdeep Arshi

হাৰিয়ানাৰ মুখে থিয় কৰি থোৱা পকী বেৰিকেডত প্ৰতিবাদকাৰী

PHOTO • Arshdeep Arshi

বেৰিকেডৰ পৰা ১০০ মিটাৰ দূৰত গুৰুবাণী মাতিছে এজন প্ৰতিবাদকাৰী কৃষকে

PHOTO • Arshdeep Arshi

বেৰিকেডৰ সন্মুখত সতনাম ৱাহেগুৰু ধ্বনিৰে উত্তাল কৰি তুলিছে প্ৰতিবাদকাৰীসকলে

PHOTO • Arshdeep Arshi

নিজৰ সংগঠনৰ পতাকা লৈ বহি থকা এজন বৃদ্ধ কৃষক

PHOTO • Arshdeep Arshi

নিজ মৰ্চাৰ পতাকাত ভেজা দি বিক্ষোভস্থলীত ভাষণ শুনিছে কেইগৰাকীমান প্ৰবীণ কৃষকে

PHOTO • Arshdeep Arshi

পথৰ সিটো পাৰে নদীৰ পাৰত মুখামুখিকৈ বহি আছে প্ৰতিবাদকাৰী আৰু আৰক্ষী-অৰ্ধসামৰিক বাহিনী

PHOTO • Arshdeep Arshi

শম্ভু সীমান্তত এফালে কৃষক আৰু আনফালে হাৰিয়ানা আৰক্ষীৰ ৰেপিড একশ্যন ফৰ্চ

PHOTO • Arshdeep Arshi

বেৰিকেডৰ সন্মুখত পৰি থকা ধ্বংসাৱশেষ

অনুবাদ: ধ্ৰুৱজ্যোতি ধনন্তৰি

Arshdeep Arshi

Arshdeep Arshi is an independent journalist and translator based in Chandigarh and has worked with News18 Punjab and Hindustan Times. She has an M Phil in English literature from Punjabi University, Patiala.

Other stories by Arshdeep Arshi
Editor : Sarbajaya Bhattacharya

Sarbajaya Bhattacharya is a Senior Assistant Editor at PARI. She is an experienced Bangla translator. Based in Kolkata, she is interested in the history of the city and travel literature.

Other stories by Sarbajaya Bhattacharya
Translator : Dhrubajyoti Dhanantari

Dhrubajyoti Dhanantari is a journalist based in Guwahati, Assam.

Other stories by Dhrubajyoti Dhanantari