খোপাত শুভ্ৰ ৰঙৰ লিলি আৰু প্ৰিয়দৰ্শিনী ফুল গুজি লৈ ৰঙা, নীলা, সেউজীয়া, তেজৰঙী শাৰী পিন্ধি আদিবাসী মহিলাৰ গোট এটা দাহানু ৰেল ষ্টেচনৰ প্লেটফৰ্মত অন্য যাত্ৰীৰ লগতে এখন বিশেষ ৰেলৰ বাবে ৰৈ আছে৷ তেওঁলোকে শাৰীৰ ওপৰত একোটা ৰঙা ৰঙৰ বেজো মাৰি লৈছে৷ সাধাৰণতে নিটাল-নিস্তব্ধ হৈ থকা দাহানু ষ্টেচনৰ ৩ নম্বৰ প্লেটফৰ্মখন মঙলবাৰে আবেলি সময়ত এওঁলোকৰ উপস্থিতিত প্ৰাণৱন্ত হৈ উঠিছে৷ তেওঁলোকৰ সহযাত্ৰীসকলৰ ভিতৰত কিছুমান শিক্ষাৰ্থী আৰু কেইগৰাকীমান শ্ৰমিকো আছে৷ শিক্ষাৰ্থীসকলৰ গন্তব্যস্থান দক্ষিণ মুম্বাইয়ে হ’ব লাগে৷ আনহাতে শ্ৰমিকসকলে চহৰখনৰ উত্তৰ দিশৰ অম্বৰগাওঁ আদিত থকা কাৰখানাত কাম কৰিবলৈ যাব৷

মহিলাসকলৰ লগতে ৱৰ্লিৰ আদিবাসী সম্প্ৰদায়ৰ কৃষকৰ এই দলটোক অতি সোনকালে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ দাহানু তালুকাৰ বিভিন্ন ঠাইৰ বহু পুৰুষ-মহিলাৰ কৃষকৰ দলে সংগ দিব৷

অহা ২৯-৩০ নৱেম্বৰত দিল্লীত ’সৰ্বভাৰতীয় কৃষক সংগ্ৰাম সমন্বয় সমিতি’য়ে কৃষিসক্ৰান্ত বিভিন্ন সমস্যা, সংকট আদিৰ সমাধানৰ দাবী জনাই সংসদ ভৱনলৈ এক পদযাত্ৰা কাৰ্যসূচীৰ আহ্বান জনাইছে৷ দেশৰ ভিন ভিন স্থানৰ প্ৰায় ২০০ টা মান কৃষক গোটৰ ঐক্যমঞ্চ হিচাপে কাম কৰি অহা সমিতিখনে কৃষকসকলৰ বিভিন্ন সমস্যা সংসদত তিনি সপ্তাহজোৰা বিশেষ অধিৱেশনত আলোচনা কৰিবলৈ দাবী জনাইছে। তাৰোপৰি মহিলা কৃষকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সমাধানৰ উদ্দেশ্যে তিনি-দিনীয়া কাৰ্যসূচীৰ এক বিস্তৃত আলোচনাও সমিতিখনে বিচাৰিছে৷ দাহানু ষ্টেচনত ৰৈ থকা আদিবাসী মহিলা কৃষকসকল এই সমিতিৰ অন্তৰ্গত ‘সৰ্বভাৰতীয় কৃষক সভা’ চমুকৈ এ.আই.কে.এছ.ৰ গোটৰ সদস্য।

PHOTO • Himanshu Chutia Saikia

মহাৰাষ্ট্ৰৰ দাহানু তালুকাৰ অৰ্ন্তগত পালঘৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা মানুহে দিল্লীলৈ যাত্ৰা কৰিবলগীয়া ৱৰ্লিৰ মহিলা কৃষকসকলক সংগ দিব

আদিবাসী মহিলা কৃষকসকলে কেনে ধৰণৰ কৃষি সংকটত ভূগিব পাৰে ?

দাহানু তালুকাৰ ধামানগাওঁ নিবাসী মীনা বৰছে কমে নিজৰ ক্ষোভ প্ৰকাশ কৰি কৈছে, “আমাৰ ধানৰ খেতি সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছে৷ খেতি-পথাৰত পানী দিবলৈ বৰষুণৰ পানীৰ বাহিৰে আমাৰ অন্য কোনো উৎস নাই৷ গতিকে বৰষুণ নহ’লে ধানখেতি কিদৰে ভাল হ’ব?” ইতিমধ্যে পালঘৰ জিলাৰ বাসিন্দা মীনাহঁতে তীব্ৰ খৰাঙৰ কবলত পৰি নিজৰ সকলো খেতি-বাতি হেৰুৱাব লগা হৈছে৷ কিন্তু দুৰ্ভাগ্যজনক কথাটো হ’ল যে চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে কোনোধৰণৰ সাহায্য তেওঁলোকে লাভ কৰা নাই৷

৩২ বৰ্ষীয়া হিৰু বসন্ত বাবৰে কয়, “মই খেতিৰ পৰা এশ কিলো ধৰা পাঁচ বস্তামান চাউলহে পাওঁ, কিন্তু এইখিনি চাউলৰে মোৰ গোটেই পৰিয়ালটোলৈ বছৰজোৰা খাবলৈকে নুকুলায়৷ তেওঁৰ গিৰিয়েকৰ স্বাস্থ্য ভাল নহয় বাবে কাম কৰিবপৰা নাই৷ তেওঁলোকৰ তিনিটা ল’ৰা সন্তান আছে যদিও সিহঁত স্কুললৈ নাযায়৷

মীনাৰ ছোৱালী দুজনীয়ে স্কুল এৰি দিব লগা হ’ল৷ সেই কাৰণে অতি দুখেৰে তেওঁ জনায়, “মোৰ হাতত আনকি সিহঁত কেইটাৰ কাৰণে কাপোৰ কিনিবলৈও পইচা নাছিল তেতিয়া৷ পইচাৰ অভাৱত সিহঁতৰ বাবে স্কুল যোৱা একেবাৰেই বন্ধ হৈ গ’ল৷ মীনাৰ গিৰিয়েক আৰু ল’ৰাজনে এখন জাহাজত শ্ৰমিকৰ কাম কৰে৷ সেইবাবে তেওঁলোকে সোনকালে ঘৰলৈ আহিবও নোৱাৰে৷ আনকি কেতিয়াবা ৯ মাহতকৈও অধিক সময় ঘৰৰ পৰা আঁতৰি থাকিবলগীয়া হয়৷ সিহঁতে উপাৰ্জন কৰি অনা নামমাত্ৰ টকা আৰু গিৰীয়েকৰ ভাগৰ ৫ একৰ মাটিত উৎপাদিত ফচলেৰেই অতি কষ্টৰে মীনাই ঘৰখন চলাই আছে৷

ঘৰৰ মাটিত খেতি কৰি পোৱা চাউল আৰু জোৱাৰখিনিৰে আচলতে মীনাৰ পৰিয়ালটো বছৰটো চলিবলৈ নুকুলায়৷ সেয়ে তেওঁ ৰাজসাহায্যযুক্ত ৰেচনৰ দোকানৰ পৰা লাভ কৰা ১০ কিলো চাউল, ১ কিলো চেনি, ১ কিলো দাইল আৰু ১০ কিলো আটাৰ ওপৰতো নিৰ্ভৰশীল৷ তেওঁ আমাৰ আগত দুখ প্ৰকাশ কৰিলে, “এই বস্তুখিনিৰে জানো এটা ৭ জনীয়া পৰিয়াল চলিব পাৰে? আনহাতে এই দোকানবোৰত থকা দালালবোৰে আমাৰ ভাগৰ ৰেচন বেলেগ মানুহক বিক্ৰী কৰে৷ সেয়ে আমি দোকানলৈ গ’লে একোৱেই নাপাওঁ৷”

PHOTO • Himanshu Chutia Saikia
PHOTO • Himanshu Chutia Saikia
PHOTO • Himanshu Chutia Saikia

বাওঁফালৰ পৰা সোঁফাললৈ: দাহানু ষ্টেচনত মঙলবাৰে হীৰু বাবৰ, মীনা বৰছে কম আৰু নীলম ৰাৱতে

মীনা, হিৰু আৰু আন মহিলাসকলে এইটো বছৰত খেতি বেয়া হোৱা আৰু পৰ্যাপ্ত পৰিমাণৰ ৰেচন নোপোৱাৰ বাবে নিজৰ পৰিয়ালবোৰ পোহপাল দিওঁতে যথেষ্ট কষ্টৰ সন্মুখীন হ’বলগা হৈছে৷

সেইদিনা ষ্টেচনত অপেক্ষাৰত আন কৃষকৰ দৰে হিৰুৰো সামান্য মাটি আছে৷ কিন্তু এই মাটিখিনি তেওঁলোকৰ স্বামী বা শহুৰেকৰ নামত আছে৷ পালঘৰ জিলাৰ কিষাণ সভাৰ সম্পাদক চন্দ্ৰকান্ত ঘৰকান্নাই আমাৰ আগত ক’লে, “এই আদিবাসী লোকসকলক মানুহে অতি সহজে নিজৰ মাটিৰ পৰা বেদখল কৰিব পাৰে বা তেওঁলোকৰ মাটি অধিগ্ৰহণ কৰি ল’ব পাৰে৷ কাৰণ পালঘৰত এই মানুহখিনিৰ নামত খুব বেছি ১ ৰ পৰা ৫ একৰ মানহে মাটি আছে৷ এইবোৰ মাটি তেওঁলোকে ভূমি সীমা অধিনিয়মৰ আধাৰত বা পৰম্পৰাগত খেতিয়ক হিচাপে দখল কৰা বনাঞ্চলৰ ভূমি৷ কিন্তু বন অধিকাৰ আইন অনুসৰি এই মাটিৰ প্ৰকৃত মালিক এই আদিবাসী কৃষকসকলেই৷” ঘৰকান্নাই নিজেই দাহানুৰ পৰা এই কৃষকৰ দলটোক নিজৰ প্ৰতিনিধিত্বত দিল্লীলৈ নিয়াৰ ব্যৱস্থা কৰিছে৷

“আমি সকলোৱে একেগোট হৈ নাথাকিলে এই মানুহবোৰে অতি সহজেই আমাৰ মাটিবোৰ দখল কৰি ল’ব পাৰে৷ আজিৰ পৰা কেবা বছৰো আগতে পূৰ্বৰ মাটিৰ মালিকসকলে আমাৰ মাটিত হোৱা বাৰ্লি উঠাই লৈ যোৱাৰো ভাবুকি প্ৰদান কৰিছিল৷ তাৰোপৰি তেওঁলোকে বুদ্ধি পাঙি নাইবা আমাক ভয় দেখুৱাইয়ো মাটিৰ দলিলত চহী লোৱাৰ অপচেষ্টা কৰিছিল৷ বৰ্তমান সেইবোৰে কাম নকৰে যদিও তেওঁলোকে প্ৰায়ে আমাক ভয় দেখুৱায়৷ সেয়ে আমাৰ এই সংগ্ৰামৰ কেতিয়াও শেষ নাই।”

PHOTO • Himanshu Chutia Saikia
PHOTO • Himanshu Chutia Saikia
PHOTO • Himanshu Chutia Saikia

চন্দ্ৰকান্ত ঘৰকান্নাই ক’লে, ‘আমি সকলোৱে একগোট হৈ নাথাকিলে তেওঁলোকে আমাৰ মাটিসমূহ অধিগ্ৰহণ কৰি ল’ব’

নীলম প্ৰকাশ ৰাৱতেৰ নিচিনা কৃষকে একমাত্ৰ নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ উদ্দেশ্যেই কিষাণ সভাৰ প্ৰস্তাৱ মৰ্মে দিল্লীত হ’বলগীয়া পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সন্মতি প্ৰদান কৰিছে৷ এই আন্দোলন কাৰ্য্যসূচীবোৰ দীঘলীয়া হ’লে তেওঁলোক নিজৰ পৰিয়ালৰ পৰা বহু দিনলৈ আঁতৰি থাকিব লগা হয়৷ দাহানুৰ জৰালী গাঁৱৰ বাসিন্দা নীলমৰ স্বামী প্ৰকাশে চূৰাটত কাম কৰে৷ তেওঁলোকৰ তিনি ল’ৰা-ছোৱালীও আছে৷ নীলমে ক’লে, “মই যেতিয়া ২০১৮ত নাছিকৰ পৰা মুম্বাইলৈ হোৱা এক দীঘলীয়া পদযাত্ৰাত ভাগ ল’বলৈ গৈছিলো, তেতিয়া মই প্ৰায় এসপ্তাহ ঘৰৰ পৰা দূৰত থাকিবলগা হৈছিল৷ মোৰ একেবাৰে সৰু সন্তানটোৰ গা বেয়া হৈছিল৷ মই ফোন কৰিলে সি মোক বাৰেপতি ঘৰলৈ ঘূৰি অহাৰ কথাই কুটুৰি থাকিছিল৷ মই ঘৰ অহাৰ পাছতহে তাৰ বেমাৰ ভাল হৈছিল৷ সেয়ে চাগৈ এইবাৰ সি মোৰ বেগৰ পৰা এপদ এপদকৈ বস্তুবোৰ উলিয়াই লুকুৱাই থৈছিল, যাতে মই যাব নোৱাৰো৷”

তেওঁৰ কথা শুনি প্ৰশ্ন কৰিলো, “তেনেহ’লে আপুনি কিয় প্ৰতিবাৰে এই পদযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ যায়?” তেওঁ তেতিয়া উত্তৰ দিলে, “আমি যাবই লাগিব৷ নহ’লে সিহঁতে আমাৰ মাটি কাঢ়ি নিব৷ মোৰ ল’ৰা-ছোৱালীকেইটাৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ মই পদযাত্ৰা কৰিয়ে থাকিম৷ চৰকাৰে আমাৰ দাবীসমূহ মানি নোলোৱালৈকে আমি পদযাত্ৰা কাৰ্যসূচী অব্যাহত ৰাখিম৷”

PHOTO • Himanshu Chutia Saikia

অনুবাদ: ডেইটী

Siddharth Adelkar

Siddharth Adelkar is Tech Editor at the People’s Archive of Rural India.

Other stories by Siddharth Adelkar
Editor : Sharmila Joshi

Sharmila Joshi is former Executive Editor, People's Archive of Rural India, and a writer and occasional teacher.

Other stories by Sharmila Joshi
Translator : Deity

Deity is a translator and writer from Guwahati. She wants to live like a free bird.

Other stories by Deity