মোৰ গাওঁখনৰ নাম ইন্দিৰা ক’লনি, এখন আদিবাসী গাওঁ। বিভিন্ন আদিবাসী সম্প্ৰদায়ৰ ২৫ টা পৰিয়াল এইখন গাঁৱত থাকে। আমাৰ গাঁৱত এটা পানীৰ টেংকি আৰু টয়লেট আছে আৰু পানী খাবলৈ কুঁৱাৰ পানী আছে

গাঁৱৰ কিছুমানৰ খেতি কৰিবপৰা মাটি আছে। তেওঁলোকে ধান, বেঙেনা, মাকৈ, ঝুলানা, ভেণ্ডি, তিঁতাকেৰেলা, ৰঙালাও আৰু বিভিন্ন দাইল যেনে চেপেটা কলাই, ৰহৰ দাইল, মগুমাহ আদিৰ খেতি কৰে। খোৱাও হয় কাৰণে আমি ঘাইকৈ ধানখেতি কৰো। বাৰিষাৰ দিনত আমি ধানখেতি কৰা হয়।

ফচল চপোৱাৰ সময়ত অলপ ধান আমি খাবলৈ বুলি ৰাখো। বাকীখিনি বিক্ৰী কৰি দিও। বিক্ৰী কৰি পোৱা হোৱা লাভখিনি সাৰৰ নামত আৰু আন বিভিন্ন খৰছ বাদ দি ধৰা হয়।

আমাৰ গাঁৱৰ কিছুমানৰ ঘৰবোৰ খেৰৰ চালি দিয়া। চালিখনে আমাক ৰ’দ-বৰষুণ আৰু শীতৰ পৰা বচায়। প্ৰতি এক-দুই বছৰৰ মূৰে মূৰে চালিবোৰ সলনি কৰিব লাগে। আমি আগুলি ঘাঁহ, চালুৱা, বাঁহ, লাহি আৰু কাঠেৰে ঘৰবোৰ মেৰামতি কৰো।

PHOTO • Santosh Gouda
PHOTO • Madhab Nayak

বাওঁফালে: ইন্দিৰা ক’লনিৰ নিজ ঘৰৰ বাহিৰত মাধৱ। সোঁফালে: গাঁৱত গৰু-ছাগলী চৰোৱা দৃশ্য

PHOTO • Santosh Gouda
PHOTO • Santosh Gouda

বাওঁফালে: গাওঁখনৰ  ৰু-ছাগলী, কুকুৰা আদি। সোঁফালে: চপাবলৈ সাজু শুকান কেন্দু পাত

এয়া চালি হিচাপে ব্যৱহাৰ কৰা বাগুলি ঘাঁহ। আমি হাবিৰ পৰা এইবোৰ কাটি, ৰ’দত শুকুৱাই দুই-তিনিমাহ ৰাখো। তাৰপিছত বাৰিষাৰ বৰষুণে নষ্ট নকৰাকৈ আৰু ভালেকেইদিন শুকান কৰি ৰাখিবলগীয়া হয়। আমাৰ ঘৰৰ চালিখনৰ বাবে আমি মাটিৰ টাইলচ্ ব্যৱহাৰ কৰো, সেয়া আমি ঘৰতে বনাও।

এইখন গৰুৰ গাড়ী আৰু চকাকেইটাৰ বাদে বাকী সকলো অংশ বাঁহ আৰু কাঠেৰে বনোৱা। আমি এইখনেৰে ধানখিনি পথাৰৰ পৰা আনো, হাবিৰ পৰা খৰি লুৰুকি এইখনতে আনো। কেতিয়াবা পথাৰলৈ গোবৰ কঢ়িয়াই নিবলৈ এইখন কামত আহে। এতিয়া এনেধৰণৰ গাড়ীৰ ব্যৱহাৰ কমি আহিছে।

আমাৰ গাঁৱৰ মানুহে গৰু-ম’হ, গৰুগাড়ী, ছাগলী আৰু কুকুৰা আদি পালন কৰে। সিহঁতক ভাতৰ মাৰ, ভুচি আৰু মগুমাহ আদি খাবলৈ দিও। ৰাতি আমাৰ জন্তুবোৰে শুকান দানা খায়। গৰু-ম’হ আদি হাবিলৈ নাইবা খেতিপথাৰলৈ চৰাবলৈ লৈ যাও। বাৰিষা বৰষুণ দিলে সেউজীয়া ঘাঁহ গজে, কিন্তু গ্ৰীষ্মৰ দিনত শুকাই যায় আৰু গৰু-ম’হৰ খাদ্য কমি যায়।

PHOTO • Santosh Gouda
PHOTO • Madhab Nayak

বাওঁফালে: গাঁৱৰ মানুহৰ পৰা কেন্দু পাত সংগ্ৰহ কৰা ঠিকাদাৰ ৰঞ্জন কুমাৰ নায়ক। সোঁফালে: গাঁৱৰ এটা খেৰৰ চালিৰ ঘৰ

আমাৰ খেতিপথাৰত আমি গৰুৰ গোবৰ সাৰ হিচাপে ব্যৱহাৰ কৰো - খেতিৰ আগেয়ে গোবৰ সাৰখিনি পথাৰৰ মাটিত মিহলাই দিয়া হয়। গাঁৱৰ মানুহে গাই আৰু বলদ গৰু বিক্ৰী কৰি উপাৰ্জন কৰে। এটা গৰুৰ দাম ১০ হাজাৰ টকা পৰ্য্যন্ত হয়।

আমাৰ গাঁৱৰ কিছুমানে এতিয়া অতিৰিক্ত উপাৰ্জনৰ বাবে কেন্দু পাত, শালগছৰ পাত আৰু মহুৱা আদি বিক্ৰী কৰে।

এয়া মহুৱাৰ শুকান ফুল। গাঁৱত মহিলাবোৰে পুৱা হাবিলৈ গৈ ১১ বজাৰ আগেয়ে সেয়া সংগ্ৰহ কৰি আনে। ফুলবোৰ সংগ্ৰহ কৰি আনি ছয়দিনলৈ সেয়া ৰ’দত শুকুৱায়। তাৰপিছত সেয়া বস্তাত ভৰাই দুই-তিনিমাহলৈ শুকাবলৈ থৈ দিয়ে। আমি মহুৱাৰ জুইচ ৬০ টকাত বিক্ৰী কৰে আৰু এক মগ মহুৱা ফুল ৫০ টকাত বিক্ৰী হয়। মহুৱা ফুল সংগ্ৰহ কৰাটো কঠিন কাম।

আমাৰ সম্প্ৰদায়টো এটা পৰিয়ালৰ দৰে আমি ইটোৱে সিটোক সহায় কৰি চলো।

পাৰিৰ এজুকেচন টিমটোৱে ইন্নোভেচন এণ্ড ষ্টেটেজিৰ ব্যৱস্থাপক শৰবানি চাট্টোৰাজ, গ্ৰাম বিকাশ আবাসিক স্কুলচ আৰু সন্তোষ গৌড়াক এই ষ্ট’ৰিটো কৰাত সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছে।

অনুবাদ: পংকজ দাস

Student Reporter : Madhab Nayak

Madhab Nayak is a student at Gram Vikas Vidya Vihar in Ganjam, Odisha.

Other stories by Madhab Nayak
Editor : Sanviti Iyer

Sanviti Iyer is Assistant Editor at the People's Archive of Rural India. She also works with students to help them document and report issues on rural India.

Other stories by Sanviti Iyer
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das