নিত্যযাত্ৰীৰ গিজগিজনি আৰু চিঞৰ-বাখৰত আন্ধেৰীৰ সন্ধিয়াটোৰ আন্ধাৰখিনি ভাগিছে। তেওঁলোকে ট্ৰেইনখনত য’ত যেয়ে যেনেকৈ পাৰে তেনেকৈ ধৰি যাত্ৰা কৰাৰ চেষ্টা কৰিছে, কোনোবাই দুৱাৰৰ হেণ্ডেলতে ধৰিছে, কোনোবাই কাৰোবাৰ বাহুতে ধৰি যাব বিচাৰিছে। মানুহেৰে গিজগিজাই থকা ৰেলখনত সকলোৱে হেঁচা-ঠেলা কৰিছে, উৎসুকতাৰে ইফালে-সিফালে চাইছে, ক’ৰবাত কিজানি বহিবলৈ চুক এটা পায়েই। কোনোৱে অনুৰোধ কৰিছে, কোনোৱে তৰ্ক। কিছুমানে আকৌ ইতিমধ্যে বহি থকাজনক ঠেলি অকণমান ঠাই ওলায় নেকি চাইছে।

তেনেই এজাক নিত্যযাত্ৰীক ঠেলি-হেঁচি নিজৰ ঠাই উলিয়াই লৈছে ৩১ বছৰীয়া কিষণ যোগী আৰু তেওঁৰ দহ বছৰীয়া জীয়াৰী ভাৰতীয়ে, পিন্ধনত তাইৰ সাগৰ-নীলা ৰাজস্থানী স্কাৰ্ট আৰু ব্লাউজ। ৱেষ্টাৰ্ন চাবআৰ্ব লাইনত ৭ বজাৰ মুম্বাই ল’কেল ট্ৰেইনখন তেওঁলোক দুজনৰ বাবে পঞ্চমখন ট্ৰেইন, য’ত দেউতাক-জীয়াৰীয়ে দ্বৈত পৰিৱেশনৰ বাবে সাজু হৈছে।

ট্ৰেইনখন চলিবলৈ ধৰে মানে আৰু যাত্ৰীবোৰ থান-থিত লাগে মানে কিষণৰ সাৰংগীৰ সুৰৰ লহৰে পৰিৱেশটো গহীন কৰি পেলাইছে।

“তেৰি আখে ভুল ভুলইয়া...বাতে হে ভুল ভুলইয়া...”

তেওঁ সোঁহাতখনেৰে বৰ সুন্দৰকৈ ৰেপনীখনেৰে তিনিডাল গুণত খৰকৈ ৰেপিছে। সুন্দৰ এক সংগীতৰ লহৰ সৃষ্টি হৈছে। তন্ত্ৰী বাদ্যযন্ত্ৰবিধৰ আনটো মূৰত এটা সৰু চাউণ্ড চেম্বাৰ আছে, সেই ফালটো তেওঁ নিজৰ বুকু আৰু বাহুৰ মাজত ৰাখিছে। তেওঁ যিদৰে ২০২২ৰ জনপ্ৰিয় ভুল ভুলইয়া গীতটি বজাইছে, গীতটি আৰু বেছি মৰ্মস্পৰ্শী হৈ পৰিছে।

দবাটোত বহি থকা কেইগৰাকীমানে মূৰ তুলি চাইছে আৰু সেই সুমধুৰ সুৰ শুনিছে। কিছুমানে ফোন উলিয়াই লৈ তেওঁৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিছে। কিছুমানে ইষৎ হাঁহিছে। কিন্তু যাত্ৰীবোৰ আকৌ ফোনত ব্যস্ত হৈ পৰিছে, এয়াৰপ্লাগ লগাই লৈছে। কণমানি ভাৰতীয়ে তেওঁলোকক হেচুকি দি পইচা বিচাৰি কম্পাৰ্টমেণ্টটোত ঘূৰিছে।

‘দেউতাই মোৰ হাতত সাৰংগীখন দি গৈছিল। স্কুললৈ যোৱাৰ কথা কেতিয়াও নাভাবিলো। কেৱল বজাই গ’লো’

“মানুহে আগতে মোলৈ চাইছিল আৰু বজোৱাৰ সুবিধাৰ বাবে অকণ হ’লেও ঠাই উলিয়াই দিছিল,” কিষাণে অলপ দুখ কৰি কয়। তেওঁ ১০-১৫ বছৰ আগৰ কথা মনত পেলাইছে। “তেতিয়া মানুহে মূল্য দিছিল। এতিয়া মানুহে ফোনতে লাগি থাকে আৰু এয়াৰফোন লগাই মনোৰঞ্জন বিচাৰে। সংগীতৰ প্ৰতি মানুহৰ এতিয়া খুব কমেই আগ্ৰহ আছে।” আন এটা গীতৰ সুৰ ফুটাই তোলাৰ আগেয়ে তেওঁ সামান্য ৰৈ কয়।

“মই লোকগীত, ভজন, ৰাজস্থানী, গুজৰাটী আৰু হিন্দী গান বজাব পাৰো। যিকোনো গীতেই হওঁক, মই চাৰি-পাঁচদিন শুনি মনত ৰাখি সেয়া সাৰংগীত বজাব পাৰো। মই প্ৰতিটো নোট ভালদৰে বজাবলৈ ভালেখিনি অনুশীলন কৰোঁ,” দ্বিতীয়টো গীতৰ বাবে সাৰংগীৰ টেম্পো মিলাই থকাৰ মাজতে তেওঁ কয়।

ভাৰতী কাষ চাপি অহাৰ আগেয়ে এখন নোট দি আঁতৰোৱাৰ বাবে কোনোৱে যদি খপজপ কৰিছে, কোনোৱে আকৌ আটাইতকৈ সৰু মুদ্ৰাটো বিচাৰি পাৰ্ছটো চলাথ কৰিছে। তাই যিমান পাৰে সিমানবাৰ এপাৰ্টমেণ্টটোত ইটো মূৰৰ পৰা সিটো মূৰলৈ অহা-যোৱা কৰিছে যাতে এজনো যাত্ৰী এৰা নাযায়।

কিষণৰ উপাৰ্জন প্ৰতিদিনে ভিন্ন – কেতিয়াবা তেওঁ দিনে ৪০০ টকা পায়, কেতিয়াবা আকৌ ১,০০০ টকা পৰ্য্যন্ত পায়। সন্ধিয়া ৫ বজাৰ পৰা ছঘণ্টা সময়লৈ ইখনৰ পৰা সিখন ট্ৰেইনলৈ জপিয়াই ফুৰি তেওঁ সিমানখিনি পায়। সন্ধিয়া তেওঁৰ ঘৰৰ কাষৰ নাল্লাচোপাৰাৰ পৰা ৱেষ্টাৰ্ন লাইন মুম্বাই ল’কেল এখন ধৰে। ক’লৈ যাব, কেতিয়া উভতিব তাৰ কোনো নিৰ্দিষ্ট ৰুটিন তেওঁ নাথাকে। অৱশ্যে চাৰ্ছগেট আৰু বিৰাৰৰ মাজত অহা-যোৱা কৰি থাকে, কোনখনত মানুহৰ খুব এটা ভিৰ লাগিছে আৰু বজাবলৈ সুবিধা পাইছে, সেয়া তেওঁ চাই লয়।

“পুৱাৰ ভাগত মানুহে হুৰমূৰকৈ কামলৈ যায়, ট্ৰেইনবোৰ মানুহেৰে ঠাহ খাই পৰে, কোনে তেতিয়া সংগীতলৈ ভ্ৰুক্ষেপ কৰিব?” সন্ধিয়াৰ ট্ৰেইনত কিয় উঠে, তাকে লৈ কিষাণে কয়। “সন্ধিয়া সময়ত মানুহবোৰ অলপ কম উৎকণ্ঠাত থাকে। কিছুমানে আমাক ঠেলি আঁতৰাব বিচাৰে। কিন্তু তেনে লোকক আওকাণ কৰো। আমাৰ আন উপায়োনো কি আছে?” পেট পুহিবলৈ তেওঁ জীৱনটোত সাৰংগী বজোৱা কৌশলেই আহৰণ কৰিছে।

PHOTO • Aakanksha

৭ বজাৰ ৱেষ্টাৰ্ণ চাবআৰ্ব লাইনেৰে চলা মুম্বাই ল’কেল ট্ৰেইনত কিষণ যোগীয়ে সাৰংগী বজাইছে, লগত তেওঁৰ কন্যা ভাৰতী

তেওঁৰ পিতৃ মিতাজী যোগীয়ে ৰাজস্থানৰ লুনিয়াপুৰা গাঁৱৰ পৰা মুম্বাইলৈ প্ৰথম আহোতে ল’কেল ট্ৰেইনত সাৰংগী বজাইছিল। “মা-দেউতাহঁত মোৰ সৰু ভাই বিজয়ৰ লগত মুম্বাইলৈ আহোতে মোৰ বয়স মাত্ৰ দুবছৰ আছিল,” তেওঁ মনত পেলায়। দেউতাকৰ লগত যি বয়সত তেওঁ সাৰংগী বজোৱাত সংগ দিছিল, তেতিয়া তেওঁৰ বয়স ভাৰতীতকৈও কম আছিল।

যোগী সম্প্ৰদায়ৰ মিতাজী (ৰাজস্থানত অনান্য পিছপৰা শ্ৰেণী হিচাপে তালিকাবদ্ধ)য়ে নিজকে শিল্প পৰিৱেশক হিচাপে দৰ্শাইছিল। গাঁৱত তেওঁৰ পৰিয়ালটোৱে ৰাৱণহাট্টা নামে এবিধ পুৰণি গুণ দিয়া বাদ্যযন্ত্ৰ বজাইছিল, উদ্দেশ্য আছিল জীৱিকা। শুনক: উদয়পুৰত ৰাৱণ ৰক্ষা

“কিবা সাংস্কৃতিক অনুষ্ঠান আদি থাকিলে, নাইবা কোনো ধৰ্মীয় অনুষ্ঠানত মোৰ বাপ (দেউতা) আৰু আন বাদ্যযন্ত্ৰীসকলক পৰিৱেশনৰ বাবে মাতে,” কিষাণে কয়। “কিন্তু তেনে অনুষ্ঠান খুব কম আছিল। পইচা সকলো পৰিৱেশনকাৰীক দিয়া হৈছিল।”

এনে কম উপাৰ্জনৰ ফলত মিতাজী আৰু তেওঁৰ পত্নী জামনা দেৱীয়ে কম মজুৰিত দিনহাজিৰা কৰিবলগীয়া হয়। “পেটৰ ভোকে আমাক মুম্বাইলৈ আনিলে। গাঁৱত একো কাম বিচাৰি পোৱাটো টান হৈ পৰিছিল,” তেওঁ যোগ দিয়ে।

মুম্বাইত মিতাজীয়ে কাম বিচাৰি নাপাই প্ৰথমে ৰাৱণহাত্থাখন লৈ ঘূৰি ফুৰিছিল, পিছলৈ সাৰংগীখনকে সাৰথি কৰি লয়। “ৰাৱণহাত্থাত তাঁৰ বেছি আছিল আৰু সুৰ কম আছিল,” অভিজ্ঞ শিল্পীৰ দৰে কিষাণে বুজাই কয়। “কিন্তু সাৰংগীৰ সুৰটো তীক্ষ্ণ, তাঁৰো কম। মানুহে ভাল পায় কাৰণে দেউতাই সাৰংগী বজাবলৈ আৰম্ভ কৰিছিল। সংগীতত ই ভিন্নতা আনিব পাৰে।”

PHOTO • Aakanksha
PHOTO • Aakanksha

বাওঁফালে: কিষণৰ দেউতাক মিতাজী যোগীৰ ফটো এখন বেৰত আঁৰি থোৱা আছে, লগত আছে তেওঁ দেউতাকৰ পৰা শিকি বজাবলৈ লোৱা সাৰংগীখন। সোঁফালে: অকণমান মানুহ গোট খোৱা ঠাইৰ বাবে কিষাণে ইখনৰ পিছত সিখন ট্ৰেইন আৰু ষ্টেছন চলাথ কৰি ফুৰে

কিষণৰ মাতৃ জামনা দেৱীয়ে গিৰীয়েকৰ লগত ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰে, লগত ল’ৰা-ছোৱালীহঁতকো নিয়ে। “ইয়ালৈ আহোতে পদপথেই আমাৰ আশ্ৰয় আছিল,” তেওঁ মনত পেলায়। “য’তেই অকণ ঠাই পাইছিলো, তাতেই শুইছিলো।” তেওঁৰ আঠ বছৰ বয়স হয় মানে তেওঁৰ ভায়েক দুজন হ’ল, সুৰজ আৰু গোপী। “সেই সময়খিনি মই মনত পেলাব নোখোজো,” কিষাণে ইতস্ততঃবোধ কৰি কয়।

তেওঁ কেৱল মনত ৰাখিব বিচাৰে তেওঁৰ পিতৃৰ সংগীত। তেওঁ নিজে বনোৱা কাঠৰ সাৰংগী এটাত কিষণ আৰু তেওঁৰ ভায়েকহঁতক সাৰংগী বজোৱা শিকাইছিল। “ৰাস্তা আৰু ৰেলগাড়ী আছিল তেওঁৰ মঞ্চ। তেওঁ সকলোতে বজাইছিল, তেওঁক কোনোৱে বাধা দিয়া নাছিল। য’তেই সাৰংগী হাতত তুলি লৈছিল, বহু মানুহ গোট খাইছিল,” কিমান মানুহ গোট খাইছিল, হাত দুখন মেলি তাৰে এক আভাস দি কিষাণে উৎসাহেৰে কয়।

এতিয়া আৰু ৰাস্তাবোৰ তেওঁৰ বাবে সদয় হৈ থকা নাই। জুহু-চৌপাটি সাগৰতীৰত তেওঁক পৰ্য্যটকৰ কাৰণে সাৰংগী বজোৱাৰ বাবে পুলিচে ১,০০০ টকা জৰিমনা বিহিছিল, সেয়া আছিল একধৰণৰ অপমানজনক অভিজ্ঞতা। তেওঁ সেই পইচা দিব নোৱাৰাত তেওঁক এঘণ্টা কি দুঘণ্টাৰ কাৰণে লক-আপত থৈ দিছিল। “কি ভুল কৰিছিলো, নাজানো,” কিষাণে তেতিয়াৰে পৰা ট্ৰেইনত সাৰংগী বজোৱা আৰম্ভ কৰে। কিন্তু তেওঁৰ সংগীত কেতিয়াও দেউতাকৰ সমকক্ষ হ’ব নোৱাৰে।

“দেউতা সাৰংগী বজোৱাত খুব পাৰ্গত আছিল, আমাতকৈ বহুত চেনেহেৰে বজাইছিল,” কিষাণে কয়। মিতাজীয়ে আনকি বজাই থাকোতে গান গাইছিল, কিষাণে কিন্তু গাবলৈ লাজ কৰে। “মই আৰু মোৰ ভাইটোৱে কেৱল জীয়াই থাকিবলৈ সাৰংগী বজাও।” কিষণৰ ১০ বছৰ বয়স হওঁতে তেওঁৰ দেউতাক যক্ষ্মা হৈ মৃত্যু হয়। “হস্পিতাল যোৱাটো বাদেই, খাবলৈকো ভালদৰে পোৱা নাছিলো।”

কিষাণে কম বয়সৰ পৰাই জীৱিকা উপাৰ্জনত নামিবলগীয়া হয়। “আন কিবা চিন্তা কৰাৰ সময়েইবা ক’ত আছিল? বাপ নে সাৰংগী থ’মা দি, কভি স্কুল কা ভি নহী চৌছা বস বজাতে গয়া (দেউতাই হাতত সাৰংগীখন দি গ’ল। কেতিয়াও স্কুললৈ যোৱাৰ কথা নাভাবিলো। বজাই গ’লো),” তেওঁ কয়।

PHOTO • Aakanksha
PHOTO • Aakanksha

বাওঁফালে: সৰু ভায়েক দুজনৰ এজন, সুৰজৰ সৈতে কিষণ। সোঁফালে: পত্নী ৰেখা আৰু কিষণ আৰু দুই সন্তান যুৱৰাজ আৰু ভাৰতী

দেউতাকৰ মৃত্যুৰ পিছত সৰু দুই ভায়েক বিজয় আৰু গোপীয়ে মাকৰ সৈতে ৰাজস্থানলৈ গুছি যায়। সুৰজ যায়গৈ নাশিক। “মুম্বাইৰ ভিৰ পৰিৱেশ তেওঁলোকে ভাল নাপায়। দুয়োৰে কোনো এটাইও সাৰংগী বজাইও ভাল নাপায়,” কিষাণে কয়।

“মুম্বাইত কিয় আছো মই নাজানো, কিন্তু সৰুকৈ হ’লেও ইয়াত পৃথিৱী এখন বনাইছো,” কিষাণে কয়। তেওঁৰ পৃথিৱীখনৰ এটা অংশ হৈছে হাউলি যোৱা এখন চালি আৰু কেঁচা মজিয়াৰে এখন ঘৰ। মুম্বাইৰ উত্তৰ চাবাৰ্বৰ নাল্লাচোপাৰা ৱেষ্টত সেই জুপুৰিটোৱে তেওঁ ভাৰা কৰি থাকে। এই ১০ বাই ১০ৰ ঘৰটোত এছবেষ্ট’চ শ্বীটৰ বেৰ আৰু টিনৰ চালি দিয়া আছে।

তেওঁৰ প্ৰথম প্ৰেম ৰেখাৰ সৈতে বিয়া পতাৰ আজি ১৫ বছৰ হ’ল। দুই সন্তান ভাৰতী আৰু যুৱৰাজ (৩)ৰ মাতৃগৰাকীয়ে আমাক আদৰি নিয়ে। সেই সৰু কোঠাটোতে পৰিয়ালটো থাকে। তাতেই পাকঘৰ আছে, সৰু এটা টিভি আৰু তেওঁলোকৰ কাপোৰ-কানি আছে। তেওঁৰ ‘মূল্যবান’ সম্পদ সাৰংগীখন খুঁটা এটাত ওলমাই থোৱা আছে।

ৰেখাক তেওঁৰ প্ৰিয় গান কি বুলি সোধোতে কিষাণে মিচিক্ কৰি হাঁহি কয়, “হৰ ধুন উচকে নাম (এনে এটা সুৰ নাই, যিটো তেওঁৰ বাবে নহয়)।”

“তেওঁ বজোৱা আমি ভাল পাও, কিন্তু তাৰ ওপৰত এতিয়া আৰু নিৰ্ভৰ কৰি থাকিব পৰা নাযাব,” ৰেখাই কয়। “আগতে কেৱল আমি দুটা আছিলো, এতিয়া আমাৰ দুটা সন্তানো আছে।”

PHOTO • Aakanksha

‘টোপনিতো মই সাৰংগী বজাব পাৰো। মই জনা কাম এইটোৱেই। কিন্তু সাৰংগী বজাই উপাৰ্জন একো নহয়,’ কিষাণে কয়

কিষণক ট্ৰেইনত সহযোগ কৰা তেওঁৰ কন্যা ভাৰতীয়ে চৰকাৰী জিলা পৰিষদৰ স্কুলত ৫ম মানত পঢ়ে। নেলিমোৰৰ পৰা তেওঁলোক অলপমান দূৰত থাকে। স্কুল ছুটি হোৱাৰ পিছতে তাই দেউতাকৰ লগত ওলাই যায়। “দেউতাই যি বজায়, মই ভাল পাওঁ, কিন্তু তেওঁৰ লগত সদায় যাবলৈ ভাল নাপাও,” তাই কয়। “মই মোৰ লগৰীয়াহঁতৰ লগত খেলা-ধূলা কৰিবলৈ আৰু নাচিবলৈ ভাল পাওঁ।”

“তাইক কিজানি পাঁচ বছৰমান বয়সতেই মই লগত নিয়া কৰিছিলো,” কিষাণে কয়। “নহ’লে কি কৰিম? তাইক লগত নিবলৈ ভাল নালাগে, কিন্তু বজাই থকাৰ মাজতে দৰ্শকৰ পৰা পইচা কোনে সংগ্ৰহ কৰিব, নকৰিলে আমাৰ উপাৰ্জন হ’ব কেনেকৈ?”

কিষাণে চহৰত আন কাম বিচাৰি ফুৰে, কিন্তু শৈক্ষিক অৰ্হতা নথকাত ক’তো একো পোৱা নাই। ট্ৰেইনত মানুহে তেওঁ নম্বৰ বিচাৰিলে তেওঁ আশা কৰে যে কোনোবাই ডাঙৰ কিবা অনুষ্ঠানত তেওঁক মাতিব। তেওঁ দুই এটা বিজ্ঞাপনৰ বাবে নেপথ্যত সাৰংগী বজোৱাৰ সুযোগ পাইছে। তেওঁ মুম্বাইৰ ষ্টুডিঅ’ কিছুমানতো গৈছে, ফিল্ম চিটি, পাৰেল, আৰু ভাৰ্ছোভালৈকো গৈছে। কিন্তু সকলোতে এবাৰ মাত্ৰ সুযোগ পাইছে, কেতিয়াবা ২,০০০, কেতিয়াবা ৪,০০০ টকা পাইছে।

এনেকুৱা কাম এটা পোৱাৰ এতিয়া চাৰিবছৰ হ’ল।

PHOTO • Aakanksha
PHOTO • Aakanksha

বাওঁফালে: কিষণৰ ঘৰত ওলমি থকা এটা সাৰংগী। এয়া তেওঁৰ পিতৃপ্ৰদত্ত পৰম্পৰা বুলি তেওঁ ভাবে। সোঁফালে: ঘৰত ভাৰতী আৰু যুৱৰাজৰ সৈতে কিষণ

এটা দশক আগতে ৩০০ৰ পৰা ৪০০ টকাৰে জীয়াই থাকিবপৰা গৈছিল। তেওঁৰ ঘৰভাৰা ৪,০০০ টকা। ৰেচন, পানী, বিদ্যুতৰ মাচুল আদি আছেই। তেনেকৈ মাহে ১০ হাজাৰ টকা পৰিশোধ কৰিব লাগে। ছোৱালীজনীৰ স্কুলত আকৌ প্ৰতি ছমাহত ৪০০ টকা দিব লাগে।

গিৰীয়েক-ঘৈণীয়েক দুয়োজনেই চিণ্ডিৱালে (মানুহৰ পুৰণি কাপোৰ আনি সেয়া দিনটোৰ ভিতৰতে আনক এটা পক্ষক বিক্ৰী কৰি দিয়া কাম)ৰ কাম কৰে। কিন্তু আয় স্থিৰ নহয়, নিয়মীয়াও নহয়। কাম থাকিলে দিনে তেওঁলোকে ১০০ৰ পৰা ৫০০ টকা উপাৰ্জন কৰে।

“টোপনিতো মই বজাব পাৰো। এয়াই যি মই জানো,” কিষণে কয়। “কিন্তু সাৰংগী বজাই পইচা একেবাৰেই নোপোৱা হৈছে।”

“এয়া মই দেউতাৰ পৰা পোৱা চিন আৰু মোৰ নিজকে শিল্পী যেনো লাগে। কিন্তু সুৰ আৰু গীতেৰে ভোকাতুৰৰ ক্ষুধা দূৰ কৰিব পাৰি জানো?”

অনুবাদ: পংকজ দাস

Aakanksha

Aakanksha (she uses only her first name) is a Reporter and Content Editor at the People’s Archive of Rural India.

Other stories by Aakanksha
Editor : Pratishtha Pandya

Pratishtha Pandya is a poet and a translator who works across Gujarati and English. She also writes and translates for PARI.

Other stories by Pratishtha Pandya
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das