নিটাল শ্ৰেণীকোঠা, সকলোৱে মনযোগেৰে শিক্ষকৰ ফালে চাইছে। ক্ৰম'জমে কেনেদৰে মানুহৰ লিংগ নিৰ্ধাৰণ কৰে সেয়া জীৱবিজ্ঞানৰ শিক্ষকগৰাকীয়ে বৰ্ণনা কৰি আছে। "মহিলাৰ দুটা X ক্ৰম'জম থাকে আৰু পুৰুষৰ এটা X আৰু এটা Y ক্ৰম'জম থাকে। যদি XX ক্ৰম'জম Y ক্ৰম'জমৰ সৈতে যোৰা হয়, তেন্তে তাত বহি থকাজনৰ দৰে মানুহ এজনৰ জন্ম হয়," এইবুলি কৈ শিক্ষকজনে এজন শিক্ষাৰ্থীলৈ আঙুলিয়াই দিলে। শিক্ষকজনৰ কথা শুনি শিক্ষাৰ্থীজনে সংকোচবোধ কৰিলে আৰু গোটেই শ্ৰেণীকোঠাত হাঁহিৰ খলকনি উঠিল।

এয়া হৈছে ৰূপান্তৰকামী সম্প্ৰদায়ৰ ওপৰত আধাৰিত 'চাণ্ডকাড়াংগা'ৰ (যুঁজিবলৈ সংকল্পবদ্ধ)ৰ আৰম্ভণি দৃশ্য। নাটকখনৰ প্ৰথম অংশত দেখুওৱা হৈছে যে কেনেকৈ এজন শিক্ষাৰ্থীক শ্ৰেণীকোঠাত সমাজে নিৰ্ধাৰণ কৰা লিংগ ভূমিকাৰ সৈতে খাপ নোখোৱাৰ বাবে অপমান কৰা হয় আৰু উপহাস কৰা হয়। নাটকখনৰ দ্বিতীয় অংশত, হিংসাৰ বলি হোৱা ৰূপান্তৰকামী মহিলা আৰু ৰূপান্তৰকামী পুৰুষৰ জীৱন দেখুওৱা হৈছে।

ট্ৰেঞ্চ ৰাইটছ নাও কালেক্টিভ (টিআৰএনচি)য়ে সমগ্ৰ ভাৰতৰ দলিত, বহুজন আৰু আদিবাসী সম্প্ৰদায়ৰ ৰূপান্তৰকামী লোকসকলৰ হৈ মাত মাতি আহিছে। ২০২২ চনৰ ২৩ নৱেম্বৰত তেওঁলোকে তামিলনাডুৰ চেন্নাইত প্ৰথমবাৰৰ বাবে 'চাণ্ডকাড়াংগা' নাট পৰিৱেশন কৰিছিল। ঘণ্টাজোৰা নাটকখন নজন ৰূপান্তৰকামী লোকৰ এটা গোটে পৰিচালনা, প্ৰযোজনা আৰু পৰিৱেশন কৰিছিল।

টিআৰএনচি-ৰ প্ৰতিষ্ঠাপক গ্ৰেছ বানুৱে কয়, "পৃথিৱীৰ পৰা বিদায় লোৱা ৰূপান্তৰকামী লোকসকলৰ স্মৃতিত ২০ নৱেম্বৰত আন্তৰ্জাতিক ট্ৰেঞ্চজেণ্ডাৰ স্মাৰক দিৱস উদযাপন কৰা হয়। প্ৰায়েই পৰিয়ালৰ অৱহেলাৰ সন্মুখীন হোৱা, সমাজৰ পৰা বহিষ্কৃত হোৱা এই লোকসকলৰ জীৱন সহজ নহয়৷ আনকি বহুতক হত্যা কৰা হয় আৰু বহুতে আত্মহত্যাও কৰে।"

PHOTO • M. Palani Kumar

তামিলনাডুৰ চেন্নাইত ' চাণ্ডকাড়াংগা ' নাটকৰ আখৰা কৰা শিল্পীসকল

PHOTO • M. Palani Kumar

থিয়েটাৰ শিল্পী গ্ৰেছ বানুৱে এজন শিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছে যিয়ে শ্ৰেণীকোঠাত ৰূপান্তৰকামী সম্প্ৰদায়ৰ ক্ৰম ' জম আৰু যৌন পৰিচয়ৰ বিষয়ে কয়

এগৰাকী শিল্পী আৰু সক্ৰিয় সমাজকৰ্মী বানুৱে কয়, "প্ৰতি বছৰে এই সংখ্যা বৃদ্ধি পাইছে। কোনেও ৰূপান্তৰকামী সম্প্ৰদায়ৰ বিৰুদ্ধে হোৱা হিংসাক লৈ মাত মাতিব নোৱাৰিলে। আমাৰ সমাজ সম্পূৰ্ণৰূপে নীৰৱ। আমি বিচাৰিছিলো যে এইটো আলোচনাৰ বিষয় হওক। সেইকাৰণে আমি ইয়াক [এই প্ৰদৰ্শনক] 'চাণ্ডকাড়াংগা' নাম দিছো।"

২০১৭ চনত, নাটকখন 'চাণ্ডকাড়াই' নামেৰে মঞ্চস্থ কৰা হৈছিল, আৰু তাৰ পিছত ২০২২ চনত ইয়াৰ নাম পৰিৱৰ্তন কৰি 'চাণ্ডকাড়াংগা' কৰা হৈছিল। "আমি সকলো ৰূপান্তৰকামী লোকক একত্ৰিত কৰাৰ উদ্দেশ্যৰে ইয়াৰ নাম পৰিৱৰ্তন কৰিছো," গ্ৰেছ বানুৱে এইবিষয়ে বৰ্ণনা কৰি কয় যে নাটকখনৰ নজন অভিনেতাই ৰূপান্তৰকামী সম্প্ৰদায়ৰ বেদনা আৰু কষ্টৰ বিষয়ে বৰ্ণনা কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে মৌখিক আৰু শাৰীৰিক হিংসাৰ প্ৰতি সমাজৰ অৱহেলা আৰু নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। "চাণ্ডকাড়াংগা"ৰ লেখক আৰু পৰিচালক নেঘাই কয়, "প্ৰথমবাৰৰ বাবে ৰূপান্তৰকামী পুৰুষ আৰু ৰূপান্তৰকামী মহিলা একেখন মঞ্চত থিয় দিছে।"

"আমি জীৱন নিৰ্বাহ কৰিবলৈ সকলো সময়তে সংগ্ৰাম কৰোঁ। আমি সদায়ে আমাৰ দৈনন্দিন প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ, আমাৰ মাহিলী ব্যয় পৰিশোধ কৰিবলৈ কাম কৰোঁ। এই চিত্ৰনাট্যত কাম কৰোঁতে মই উৎসাহিত হৈছিলোঁ, কিন্তু লগতে খঙো উঠিছিল যে ৰূপান্তৰকামী পুৰুষ আৰু মহিলাসকলে কেতিয়াও থিয়েটাৰ বা চিনেমাত কাম কৰাৰ সুযোগ নাপায়। মোৰ মনলৈ এটা চিন্তা আহিছিল যে আমি জীৱন নিৰ্বাহ কৰিবলৈ যদি জীৱনটোক বিপদাপন্ন কৰিব পাৰো, তেন্তে নাটক প্ৰযোজনা কৰাৰ ৰিস্ক এটানো কিয় ল’ব নোৱাৰোঁ", নেঘাই এইদৰে কয় ৷

আলোকচিত্ৰৰ যোগেদি কোৱা কাহিনীটোৱে ৰূপান্তৰকামী সম্প্ৰদায়ৰ বিৱৰ্ণ হোৱা অতীতক পুনৰ জীৱন্ত কৰি তুলিছে, তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰ দাবী কৰিছে আৰু তেওঁলোকৰ শৰীৰৰ প্ৰতি সন্মান জনোৱা মুহূৰ্তবোৰ ধৰি ৰাখিছে।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

' চাণ্ডকাড়াংগাৰ পৰিচালক আৰু অভিনেত্ৰী নেঘা ( বাওঁফালে ), আৰু ৰূপান্তৰকামীৰ অধিকাৰ কৰ্মী গ্ৰেছ বানুৰ ছবি ( সোঁফালে )

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে : ৰেণুকা জে হৈছে ট্ৰেঞ্চ ৰাইটছ নাও কালেক্টিভৰ সাংস্কৃতিক সমন্বয়ক আৰু এগৰাকী থিয়েটাৰ শিল্পী সোঁফালে : প্ৰা জ্জী ডি . এগৰাকী থিয়েটাৰ শিল্পী আৰু পোছাক ডিজাইন তথা ফেশ্বন ৰ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ শিক্ষাৰ্থী

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

থিয়েটাৰ শিল্পী ৰিজৱান এছ (বাওঁফালে) আৰু অৰুণ কাৰ্তিক (সোঁফালে)য়ে নাটকৰ লগতে এটা ব্যক্তিগত প্ৰতিষ্ঠানতো কাম কৰে। 'ৰূপান্তৰকামী পুৰুষসকল সমাজত সংখ্যালঘূ আৰু তেওঁলোকৰ অস্তিত্ব বিৱৰ্ণ হৈ পৰিছে। নাটকখনত ৰূপান্তৰকামী পুৰুষৰ কাহিনীও কোৱা হৈছে

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

এগৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী , থিয়েটাৰ শিল্পী আৰু ট্ৰেঞ্চ ৰাইটছ নাও কালেক্টিভৰ বিদ্যাৰ্থী সমন্বয়ক অজিতা ৱাই ( বাওঁফালে ) য়ে কয় , ' মই আশা কৰোঁ যে নাটকখনৰ দূৰ-দূৰণিলৈ বিয়পি পৰিব আৰু ৰূপান্তৰকামী লোকসকলক লীকৃত কৰিব'

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে: নিশান্তনা জনছনে থিয়েটাৰ কৰাৰ লগতে এটা ব্যক্তিগত কোম্পানীত বিশ্লেষক হিচাপে কাম কৰে। 'নাটকখনত কেৱল ৰূপান্তৰকামী লোকসকলৰ যন্ত্ৰণা আৰু দুখৰ কথা বৰ্ণনা কৰাই নহয়, বৰঞ্চ তেওঁলোকৰ অধিকাৰৰ বাবে যুঁজ দি মৃত্যুবৰণ কৰা লোকসকলৰ জীৱন-কাহিনীও দেখুওৱা হৈছে'

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে : নাটকখনৰ প্ৰদৰ্শনৰ সময়ত নিশান্তন জনছন আৰু অজিতা ৱাই সোঁফালে : প্ৰা জ্জী ডি . য়ে তেওঁলোকৰ নিজৰ মেকআপ কৰি আছে

PHOTO • M. Palani Kumar

চাণ্ডকাড়াংগা নাটকখনে শিক্ষানুষ্ঠানসমূহত ৰূপান্তৰকামী সম্প্ৰদায়ৰ দুৰ্ব্যৱহাৰৰ ওপৰত আলোকপাত কৰে

PHOTO • M. Palani Kumar

নাটকখনৰ এটা দৃশ্য, য'ত এগৰাকী ৰূপান্তৰকামী মহিলাক তেওঁৰ নিজৰ ঘৰত কেনে ব্যৱহাৰ কৰা হয়, সেয়া দেখুওৱা হৈছে

PHOTO • M. Palani Kumar

নাটকখনৰ এটা দৃশ্যত ৰূপায়িত হৈছে শৈশৱত সংঘটিত হোৱা পৰিৱৰ্তনবোৰে চিকিৎসাৰ বেদনাদায়ক অভিজ্ঞতা, আৰু সমাজৰ দ্বাৰা নিৰ্ধাৰিত লিংগ ভূমিকাত খাপ নোখোৱাৰ বাবে মানুহে সন্মুখীন হোৱা অপমান আৰু উৎপীড়ন

PHOTO • M. Palani Kumar

তামিলনাডুৰ চেন্নাইত চাণ্ডকাড়াংগাৰ আখৰা কৰা শিল্পীসকল

PHOTO • M. Palani Kumar

নাটকখনৰ সময়ত, নেঘাই ৰূপান্তৰকামী সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰ আৰু তেওঁলোকৰ বিৰুদ্ধে হোৱা হিংসা সন্দৰ্ভত নীৰৱ হৈ বহি থকা সমাজক প্ৰশ্ন কৰে

PHOTO • M. Palani Kumar

প্ৰাজ্জী ডিয়ে লিংগ পৰিৱৰ্তনৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰক্ৰিয়া চলি থকা এজন ৰূপান্তৰকামী ব্যক্তিৰ বেদনা আৰু কষ্ট বৰ্ণনা কৰিছে

PHOTO • M. Palani Kumar

ৰিজৱান এছ.-য়ে এজন ৰূপান্তৰকামী ব্যক্তিৰ চৰিত্ৰত অভিনয় কৰিছে আৰু বৈষ্যমযুক্ত এখন সমাজত তেওঁৰ প্ৰেম, হতাশা আৰু বেদনাৰ অভিজ্ঞতা ভাগ-বতৰা কৰিছে

PHOTO • M. Palani Kumar

গ্ৰেছ বানুয়ে এগৰাকী ৰূপান্তৰকামী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে যি আৰক্ষীৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হৈছে

PHOTO • M. Palani Kumar

নেঘাই (থিয় হৈ) দৰ্শকক ৰূপান্তৰকামী লোকসকলৰ শৰীৰক সন্মান জনোৱাৰ বাবে তথা তেওঁলোকৰ শাৰীৰিক ৰূপৰ ওপৰত বিৰূপ মন্তব্য নকৰাৰ বাবে, তেওঁলোকৰ প্ৰতি ঘৃণা পোষণ নকৰাৰ বাবে আৰু সম্প্ৰদায়টোৰ বিৰুদ্ধে হিংসাৰ সমাপ্তি ঘটাবলৈ আহ্বান জনাইছে

PHOTO • M. Palani Kumar

দুখ আৰু যন্ত্ৰণা স্বত্বেও ৰূপান্তৰকামী সম্প্ৰদায়ৰ লোকসকলে কেনেদৰে তেওঁলোকৰ জীৱনত আনন্দ আৰু উদযাপন কৰে সেয়া শিল্পীসকলে দেখুৱাইছে

PHOTO • M. Palani Kumar

২০২২ চনৰ নৱেম্বৰত অনুষ্ঠিত হোৱা চাণ্ডকাড়াংগা নাটকৰ জৰিয়তে শিল্পীৰ এটা দলে ৰূপান্তৰকামী সম্প্ৰদায়ৰ সোঁৱৰণিৰ গৰ্ভত হেৰাই যোৱা ইতিহাসক জীৱন্ত কৰি তোলে

PHOTO • M. Palani Kumar

হৰ্ষধ্বনি; প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত নাটকখন শেষ হোৱাৰ পিছত দৰ্শকে থিয় হৈ হাত-চাপৰি বজায় আৰু কলা-কুশলীসকলক প্ৰশংসা কৰিছে

অনুবাদক: মনোৰঞ্জন মজুমদাৰ

M. Palani Kumar

M. Palani Kumar is PARI's Staff Photographer and documents the lives of the marginalised. A 2019 PARI Fellow, Palani was also the cinematographer for ‘Kakoos’, a documentary on manual scavengers in Tamil Nadu, by filmmaker Divya Bharathi.

Other stories by M. Palani Kumar
Editor : S. Senthalir

S. Senthalir is Assistant Editor at the People's Archive of Rural India. She reports on the intersection of gender, caste and labour. She was a PARI Fellow in 2020

Other stories by S. Senthalir
Photo Editor : Binaifer Bharucha

Binaifer Bharucha is a freelance photographer based in Mumbai, and Photo Editor at the People's Archive of Rural India.

Other stories by Binaifer Bharucha
Translator : Manoranjan Majumder

Manoranjan Majumder is a professional translator. He loves to watch films and read.

Other stories by Manoranjan Majumder