“মাছ কটা-বছা কৰা মহিলাৰ বাবে কোনো স্থান নাই,” কড়ালুৰ জিলাৰ কিঞ্জামপেটাই গাঁৱৰ মাছ কটা-বছা কৰা মহিলা কালাই কয়।

ষাঠি বছৰীয়া মহিলাগৰাকী চিংগাৰাথোপ ব্ৰীজৰ তলত বহি আছে। এই কংক্ৰিট আৰু লোৰ ব্ৰীজখন কড়ালুৰ অ’ল্ড টাউন বন্দৰৰ বাহিৰত আছে। ইয়াত ২০ৰ পৰা ৩০ জন মাছ বিক্ৰেতা আৰু মাছ বছা-কটা কৰা লোক বহে, তাৰে আটাইকেইগৰাকী মহিলা।

৫৭.৫ কিলোমিটাৰ উপকুলৰেখা আৰু বন্দৰেৰে জিলাখনত গুদাম, ৱেৰহাউছ, দোকান আৰু মাছমৰা নাৱেৰে ভৰি আছে।

“বেপাৰী আৰু ট্ৰাকেৰে বন্দৰটো ভৰি পৰাত আমাৰ কাৰণে ঠাই নোহোৱা হৈছে,” কালাই কয় (কেৱল নামটোহে ব্যৱহাৰ কৰি ভাল পায়)। তেওঁ আৰু কয়, “আমাক আঁতৰাই পঠিওৱা হ’ল আৰু এই ব্ৰীজখনৰ তললৈ আহিবলগীয়া হ’ল। বন্দৰৰ পৰা বাহিৰত।”

কালাৰ দৰে মহিলা, যিয়ে মাছ বছা, কটা, শুকুওৱা আৰু বাকলি-ফিছা আদি অৱশিষ্ট অংশ বিক্ৰীৰ কাম কৰে, তেওঁলোকক ক্ৰমে একাষৰীয়া কৰি পেলোৱা হৈছে। পঢ়ক: মাছৰ বাকলি-ফিছা বিক্ৰীৰে পেট পোহা পুলিৰ জীৱন

মাছমৰীয়া মহিলাসকলক সাধাৰণতে মাছবিক্ৰেতা বুলি কোৱা হয়। আকৌ যিসকলৰ হাতত ব্যৱসায়ৰ বাবে মূলধন নাথাকে, নাইবা শাৰীৰিক অসুস্থতা আছে, তেনে মহিলাই বিক্ৰেতাৰ কাষত বহি মাছ বছা-কটা কাম কৰে।

“আমি বিক্ৰেতাৰ কাষত থাকিব লাগে, তেওঁলোকৰ পৰা মাছ কিনা গ্ৰাহকে আমাৰ দ্বাৰা সেয়া চাফা কৰায়। বিক্ৰেতাৰ কাষত নাথাকিলে আমি কাম নাপাও,” কালাই কথাটো অঁহিয়াই কয়।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে: কড়ালুৰ অ’ল্ড টাউন বন্দৰত থকা মাছ কটা আৰু বিক্ৰী কৰা মহিলাৰ সংখ্যা ২০ৰ পৰা ৩০ গৰাকীমান হ’ব আৰু তাৰে আটাইকেইগৰাকীয়ে মহিলা। সোঁফালে: চিংগাৰাথোপ ব্ৰীজৰ তলত বহি কালাই ওচৰৰে দোকান এখনৰ পৰা অনা খাদ্য খাইছে। তেওঁ কয়, ‘মাছৰ লগত যদি অলপমান আঞ্জা লওঁ, তেতিয়া এসাজত ৩০ৰ পৰা ৪০ টকা যায়। খাওতে খাওতে পলমেই হয়’

উপ্পানাৰ আৰু পাৰৱানাৰ নদীসংগমত কড়ালুৰ বন্দৰটো অৱস্থিত, এই দুয়োখন নদীয়েই বংগ উপত্যকাত মিলিত হৈছে। ভাৰতৰ ৭,৫০০ কিলোমিটাৰ উপকূলৰেখাৰ আধুনিকীকৰণ আৰু উন্নয়নৰ বাবে কেন্দ্ৰ চৰকাৰৰ সাগৰমালা প্ৰকল্পৰ অধীনত এই বন্দৰটো উন্নীতকৰণ কৰি থকা হৈছে।

এই উন্নয়নে কালাৰ দৰে মাছমৰীয়া মহিলাক অধিক বিপৰ্য্যয়লৈ ঠেলি নিছে। তেওঁ কয়, “এনেকৈ ভালেকেইবাৰ ইঠাইৰ পৰা সিঠাইলৈ যাবলগীয়া হৈছে, আকৌ আন এঠাইত বহিব পাৰিম নে নাই মই নাজানো।” তেওঁ কড়ালুৰ ঘাট আৰু বন্দৰৰ পুনৰ্গঠনৰ প্ৰসংগত কয় যে মাছৰ কাম কৰা মহিলা, বিশেষকৈ মাছ কটা-বছা মহিলাক তাত ঠাই দিয়া নহ’ব বুলি তেওঁ নিশ্চিত।

আধুনিক কড়ালুৰ বন্দৰটোত এটা তেল শোধানাগাৰ, তাপবিদ্যুৎ প্ৰকল্প আৰু আন উদ্যোগ থাকিব আৰু যিটো পুম্পুহাৰ উপকূলীয় অৰ্থনৈতিক মণ্ডল (চি.ই.জেদ.)ৰ এটা অংশ। চি.ই.জেদ. হৈছে এখন জিলাৰ বাবে উপকূলীয় জিলাপুঞ্জৰ এটা ডাঙৰ ভৌগোলিক অঞ্চল যিটোৰ অঞ্চলটোৰ বন্দৰবোৰৰ সৈতে দৃঢ় সম্পৰ্ক আছে। মাল-বস্তুৰ ঘৰুৱা সৰবৰাহ আৰু ৰপ্তানিৰ ব্যয় হ্ৰাস কৰাৰ লগতে জলপথত ট্ৰেফিক বঢ়োৱাৰ লক্ষ্য লৈ এই মণ্ডলবোৰ সৃষ্টি কৰা হৈছে।

*****

কালাৰ জন্ম হৈছিল তামিলনাডুৰ নাগপাট্টিনাম জিলাৰ তিৰুমুল্লাইবসল গাঁৱত। তেওঁৰ দেউতাকে কাট্টুমাৰাম লৈ মাছ ধৰিছিল আৰু মাকে বজাৰত মাছ বিক্ৰী কৰিছিল। ১৭ বছৰ বয়সতে বিয়া হোৱা কালাই গিৰীয়েকৰ সৈতে উত্তৰৰ ফালে কড়ালুৰ চহৰৰ কাষত কিঞ্জামপেটাইলৈ আহে।

“মোৰ শাহুৱেক মুনিয়াম্মাই মোক মাছ বিক্ৰী কৰা শিকাইছিল। কিঞ্জামপেটাইত আমি একেলগে মাছ বিক্ৰী কৰিছিলোঁ,” কালাই মনত পেলায়। এংকভি, বাৰামুন্দি, শ্বাৰ্ক, টুনা আদি বিভিন্ন মাছ তেওঁলোকে বিক্ৰী কৰিছিল।

মুনিয়াম্মা দুটা দশক আগতে ভগ্নস্বাস্থ্যৰ ফলত ঢুকায় আৰু কালাই ইয়াত কাম অব্যাহত ৰাখে। তেওঁ আৰু তেওঁৰ গিৰীয়েকৰ দুই পুত্ৰ আৰু দুই জীয়াৰী আছে। কালা আৰু পৰিয়ালটো পাট্টানাৱাৰ সম্প্ৰদায়ৰ। তামিলনাডুত আটাইতকৈ পিছপৰা শ্ৰেণী (এম.বি.চি.) হিচাপে এই সম্প্ৰদায়টো অন্তৰ্ভূক্ত।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে: কালাই যোৱা ১৫ টা বছৰ ধৰি মাছ কটা-বছা কাম কৰি আহিছে। ইয়াৰ আগলৈকে তেওঁ দুটা দশক মাছ বেচিছিল। ‘মোৰ শাহুআয়ে মই নকইনা হৈ থকা সময়তে গিৰীজনৰ লগত কিঞ্জামপেটাইলৈ অহাৰ পিছত মাছ বিক্ৰী কৰা কামত লগাই দিছিল।’ সোঁফালে: ‘আমি বিক্ৰেতাৰ কাষত থাকিব লাগে, তেতিয়াহে গ্ৰাহকে মাছ কিনি আমাৰ দ্বাৰ বছা-কটা কামখিনি কৰিব। বেপাৰীৰ কাষত নাথাকিলে আমাৰ হাতলৈ পইচা নাহে’

২০০১ত কালাই নিজৰ হৃদৰোগ থকা বুলি জানিলে। “মই উশাহ লোৱাত কষ্ট পাইছিলো আৰু সকলো সময়তে ভাগৰ লাগি থাকিছিল,” তেওঁ মনত পেলায়। তেওঁ ২০ৰ পৰা ২৫ কিলোগ্ৰাম মাছ মূৰত লৈ বন্দৰৰ পৰা বজাৰলৈ মূৰত বোজাই কি নিয়ে আৰু তাৰপাছত সেয়া বজাৰলৈ লৈ যায়। সেইটো বছৰতে কালাৰ ৪৫ বছৰ বয়সীয়া স্বামী ৰমনে উত্তাল সাগৰত মাছ মাৰি থাকোতে ঢুকায়।

“সেয়া বৰ কঠিন সময় আছিল,” তেওঁ মনত পেলায়। ২০০৫ত তেওঁ পৰি গৈ ভৰিত আঘাত পোৱাত পৰিস্থিতি অধিক শোচনীয় হৈ পৰে। সেই আঘাত আৰু হৃদৰোগৰ কাৰণে তেওঁ দীঘলীয়া বাট খোজকাঢ়ি গৈ মাছ কঢ়িয়াই আনিব-নিব নোৱাৰা হ’ল আৰু তেনেকৈয়ে তেওঁ “বন্দৰত মাছ কটা-বছাৰ কাম কৰাৰ সিদ্ধান্ত” ল’লে।

কালাই সুদখোৰ এজনৰ পৰা ২০ হাজাৰ চাৰি টকা সুতত ল’লে। তেওঁ ৮০০ টকাৰে এখন বঠি কিনিলে আৰু ৪০০ টকাৰে চুৰিকটাৰী আৰু ২০০ টকাৰে এখন চকী। বাকীখিনি টকা তেওঁৰ ঘৰৰ কামত খৰছ হ’ল আৰু এতিয়াও সেই টকা তেওঁ পৰিশোধ কৰি আছে।

মাছৰ বিক্ৰী আৰু বজাৰত জৰিত নথকা মহিলাসকলক ৰাজ্যিক নীতি নিৰ্ধাৰণৰ সময়ত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নহয়। মাছ কটা মহিলা যেনে কালাক সামূদ্ৰিক মীনপামৰ ৰাষ্ট্ৰীয় নীতি, ২০১৭ত স্বীকৃতি দিয়া হৈছে। তাত কোৱা হৈছে, “মৎস্যখণ্ডত মাছ ধৰি অনাৰ পিছৰখিনি কামত মহিলা শ্ৰমবল ৬৬ শতাংশতকৈও অধিক। পৰিয়ালৰ পোহপালৰ উপৰিও মাছৰ খুচুৰা বিক্ৰী, মাছ শুকুওৱা আৰু আন মূল্য সংযোজনৰ কামত মহিলাই গুৰুত্বপূৰ্ণ ভূমিকা লয়…”

কিন্তু এই নীতিসমূহৰ আনুষ্ঠানিক ঘোষণাৰ পিছত কোনোধৰণৰ বিশেষ সমৰ্থন নাই।

*****

এতিয়া কালাই এক কিলো মাছ আৰু মিছামাছ ২০ আৰু ৩০ টকাত বাচি দিয়ে। তেনেকৈ দিনটোত ৫০০ টকা উপাৰ্জন কৰে। মাছ বিক্ৰী কৰি তেওঁ বতৰ আৰু মাছৰ যোগান চাই দুগুণ আয় কৰিব পাৰিলেহেঁতেন।

তেওঁ পুৱতি নিশাতে উঠে আৰু ৪ বজাত বন্দৰৰ কাষ পায়। ১৩ ঘণ্টাৰ পিছত সন্ধিয়া ৫ বজাত উভতে। “পুৱাৰ সময়খিনি আটাইতকৈ ব্যস্ততাৰ সময়, তেতিয়াই গ্ৰাহক আৰু হোটেল চলোৱা মানুহ আহি মাছ কিনে আৰু আমাৰ হতুৱাই চাফা কৰোৱায়,” তেওঁ কয়। সন্ধিয়াৰ সময়খিনিতহে তেওঁ জীৰাবলৈ পায় আৰু টিভি চিৰিয়েল চাই ভাত ৰান্ধে।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

কালাই পুৱতি নিশা ৪ বজাতে বন্দৰত উপস্থিত হয় আৰু সন্ধিয়া ৫ বজাত এৰে। পুৱাৰ সময়তে মাছ কিনি চাফা কৰাবলৈ অহা গ্ৰাহকৰ ভীৰ বাঢ়ে

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালে: ২০০১ত কালাই নিজৰ হৃদৰোগ থকাৰ কথা জানিবলৈ পায়। ‘মই ঘনকৈ উশাহ ল’বলগীয়া হৈছিল আৰু সকলো সময়তে ভাগৰ লাগি থাকিছিল।’ পৰি ভৰিত আঘাত পোৱাৰ পিছথ তেওঁৰ অৱস্থাটো আৰু বেছি বেয়া হৈ গৈছিল। তেতিয়া তেওঁ বেছিদূৰ খোজকাঢ়িব নোৱাৰা হ’ল। সোঁফালে: কালাই আহাৰ খাই টিভি চাইছে, তেওঁ আৰামত থাকিব নোৱাৰে

ৰিং ছেইন নেটে মাছৰ প্ৰজননৰ পৰিৱেশ নষ্ট কৰা আৰু সামূদ্ৰিক পৰিৱেশ ধ্বংস কৰাৰ বাবে ২০১৮ত সেই জাল নিষেধ কৰি দিয়া হয়, সেয়া আছিল কালাৰ জীৱিকাৰ প্ৰতি আন এক আঘাত। এই নিষেধাজ্ঞাৰ ফলত বহু পুৰুষ-মহিলাই নিজৰ জীৱিকা হেৰুৱালে। বহু মহিলাই মাছ চাফা কৰা কামত লাগিবলগীয়া হ’ল।

ক’ভিড-১৯ অতিমাৰীয়ে আৰু বহুতকে মাছ কটা-বছা কামলৈ আনিলে। আগতে পাট্টানাৱাৰ সম্প্ৰদায়ৰ মহিলায়ে ঘাইকৈ এই কাম কৰা দেখা গৈছিল। কিন্তু লকডাউনৰ সময়ত আন কাম নাইকিয়া হোৱাত আন সম্প্ৰদায়, যেনে অনান্য পিছপৰা শ্ৰেণী আৰু অনুসূচীত জাতিৰ লোকো এই শ্ৰমবজাৰত প্ৰৱেশ কৰিলে আৰু বন্দৰত কাম বিচাৰিবলৈ ধৰিলে। “ইয়ে পৰিস্থিতি অধিক অনিশ্চিত কৰি পেলালে,” তেওঁ কয়।

“ভবিষ্যত অসুৰক্ষিত হৈ পৰিছে যেন লাগে। কিন্তু যিমানদিন পাৰো কাম কৰি যাম। মই নিজৰ আৰু মোৰ নাতি দুটাৰ যত্ন ল’ব লাগিব। এতিয়াই হাৰ মানি যাব নোৱাৰো,” তেওঁ কয়।

সংগীতা ধৰ্মৰাজন আৰু ইউ. দিব্যোধিৰণৰ সহযোগত।

অনুবাদ: পংকজ দাস

Nitya Rao

Nitya Rao is Professor, Gender and Development, University of East Anglia, Norwich, UK. She has worked extensively as a researcher, teacher and advocate in the field of women’s rights, employment and education for over three decades.

Other stories by Nitya Rao
Editor : Urvashi Sarkar

Urvashi Sarkar is an independent journalist and a 2016 PARI Fellow.

Other stories by Urvashi Sarkar
Photographs : M. Palani Kumar

M. Palani Kumar is PARI's Staff Photographer and documents the lives of the marginalised. He was earlier a 2019 PARI Fellow. Palani was the cinematographer for ‘Kakoos’, a documentary on manual scavengers in Tamil Nadu, by filmmaker Divya Bharathi.

Other stories by M. Palani Kumar
Translator : Pankaj Das

Pankaj Das is Translations Editor, Assamese, at People's Archive of Rural India. Based in Guwahati, he is also a localisation expert, working with UNICEF. He loves to play with words at idiomabridge.blogspot.com.

Other stories by Pankaj Das