“আমাৰ জীৱনটো জুৱাখেলৰ দৰে। যোৱা দুটা বছৰ কেনেদৰে কটাইছো, কেৱল ইশ্বৰেহে জানে,” ভি থাৰ্মাই কয়। “মোৰ ৪৭ বছৰীয়া লোকশিল্প সাধনাৰ কালছোৱাত এই দুটা বছৰতে এনে দিন দেখিছো য’ত খাবলৈ খুদকণো নোপোৱা হৈছো।”

৬০ বছৰীয়া থাৰ্মা আম্মা তামিলনাডুৰ মাডুৰাই চহৰৰ এগৰাকী লোকশিল্পী। “আমাৰ নিৰ্দিষ্ট উপাৰ্জন নাই,” তেওঁ কয়। “এই ক’ৰনা (বিশ্ব মহামাৰী)ৰ সময়ত উপাৰ্জনৰ যিকণ সুবিধা আছিল সেইখিনিও নাইকিয়া হ’ল।”

বছৰটোৰ প্ৰথম ছটা মাহ মাডুৰাই জিলাৰ ৰূপান্তৰিত লোকশিল্পীৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। এই সময়ছোৱা গাওঁবোৰত স্থানীয় উৎসৱৰ সময়, মন্দিৰবোৰতো সাংস্কৃতিক অনুষ্ঠান চলে। কিন্তু লকডাউনৰ সময়ত জনসমাগমৰ ওপৰত চৰকাৰী নিষেধাজ্ঞাৰ ফলত ৰূপান্তৰিত মহিলা শিল্পীসকল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে। নাটক আৰু লোকশিল্পত ৰূপান্তৰিত মহিলাৰ ৰাজ্যিক সংস্থাৰ সচিব ৬০ বছৰীয়া থাৰ্মা আম্মা (স্থানীয় লোকে তেওঁক তেনেকৈয়ে মাতে)য়ে ধাৰ্য্য কৰা মতে এনে ৰূপান্তৰিত শিল্পীৰ সংখ্যা প্ৰায় ৫০০।

থাৰ্মা আম্মা মাডুৰাই ৰেলৱে ষ্টেছনৰ কাষৰ এটা ভাড়াঘৰত ভতিজাকৰ সৈতে থাকে। ভতিজাকটোৰ দুটা সন্তান, তেওঁ ফুলৰ দোকান দি জীৱিকা নিৰ্বাহ কৰে। দিনহাজিৰা কৰি মাক-দেউতাকে পোহপাল দিয়া আম্মাই সৰুৰে পৰা মাডুৰাই চহৰত মন্দিৰৰ প্ৰাংগণত হোৱা ধৰ্মীয় অনুষ্ঠান আৰু দাঁতিৰ গাওঁবোৰৰ উৎসৱ-পাৰ্ৱণত ৰূপান্তৰিত মহিলাৰ নৃত্য-গীত চাই চাই ডাঙৰ-দীঘল হৈছে।

PHOTO • M. Palani Kumar

মাডুৰাইৰ নিজৰ কোঠাটোত থাৰ্মা আম্মাঃ “আমাৰ নিৰ্দিষ্ট উপাৰ্জন নাই। তাতে আকৌ ক’ৰনাৰ ফলত (বিশ্ব মহামাৰী) উপাৰ্জনৰ সুবিধা তেনেই কমি আহিছে”

তেওঁ ১৪ বছৰ বয়সতে গাবলৈ আৰম্ভ কৰিছিল। “ধনী মানুহে আত্মীয়ৰ শেষকৃত্যত আমাক গাবলৈ মাতিছিল,” থাৰ্মা আম্মাই কয়। (নিজৰ সম্প্ৰদায়টোক তেওঁ তামিল ভাষাৰ টি হিৰুনানগাই বুলি কয়।) “আমি অপ্পাৰি (শোকগীতি) গোৱাৰ বাবে আৰু মাৰাদি পাটু (হিয়া ধাকুৰি কন্দা)ৰ বাবদ মাননি পাইছিলো। এনেকৈয়ে মই এই লোকশিল্পৰ সৈতে জৰিত হৈ পৰিলো।”

তেতিয়া চাৰিজনীয়া ৰূপান্তৰিত শিল্পীৰ দলক ১০১ টকা মাননি দিয়া হৈছিল। থাৰ্মা আম্মাই ২০২০ৰ মাৰ্চ, লকডাউনৰ আগলৈকে এই কাম কৰিছিল, তেতিয়া দলটোৰ প্ৰতিজন সদস্যই ৬০০ টকাকৈ পাইছিল।

১৯৭০ৰ দশকত তেওঁ জ্যেষ্ঠসকলৰ পৰা তালাট্টু (নিচুকণি গীত) আৰু নাটুপুৰা পাটু (লোকসংগীত) গাবলৈ শিকিলে। সময় বাগৰিল, তেওঁ চাই চাই নাচিবলৈও শিকিলে। তামিলনাডুৰ গ্ৰামীণ উৎসৱৰ সময়ৰ পাৰম্পৰিক নৃত্য-নাটিকা, ৰাজা ৰাণী আট্টামত ৰাণীৰ ভূমিকাত অৱতীৰ্ণ হ’ল।

“১৯৭০ৰ দশকত মাডুৰাইত এই নাটকখনৰ চাৰিওটা চৰিত্ৰত পুৰুষে ৰজা-ৰাণী আৰু বহুৱাৰ সাজ পিন্ধি চৰিত্ৰ ৰূপায়ণ কৰিছিল,” থাৰ্মা আম্মাই মনত পেলালে। তেওঁ আন তিনিগৰাকী মহিলা লৈ ৰাজা ৰাণী আট্টাম নাটক উপস্থাপন কৰিলে, সেয়া আছিল নাটকখন প্ৰথমবাৰৰ বাবে ৰূপান্তৰিত মহিলাই কৰা উপস্থাপন, তেওঁ কয়।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

দহ বছৰ আগতে থাৰ্মা আম্মাই লোৱা এখন চেলফি। ৰূপান্তৰিত মহিলাই পেঞ্চনৰ কাৰণে আবেদন কৰাটোও টান কাম, তেওঁ কয়

স্থানীয় শিক্ষকৰ পৰা প্ৰশিক্ষণ লৈ তেওঁ মূৰত কলহ লৈ ভাৰসাম্য ৰাখি নচা কাৰাগাট্টাম নৃত্যও শিকিছিল। “এনেকৈ মই সাংস্কৃতিক অনুষ্ঠান, আনকি চৰকাৰী অনুষ্ঠানতো নাচিবলৈ সুযোগ পাইছিলো,” তেওঁ কয়।

পিছলৈ তেওঁ আন আন নৃত্যশৈলী যেনে মাডু আট্টাম (য’ত গৰুৰ ছদ্মবেশ ধৰি শিল্পীয়ে নৃত্য প্ৰদৰ্শন কৰে), মাইল আট্টাম (ময়ুৰৰ ভেশ ধৰি কৰা নৃত্য) আৰু পই কাল কুদুৰাই আট্টাম (ঘোৰাৰ কূট ঠেং লগাই নচা নাচ) আদি নচাতো পাকৈত। এই নৃত্য-গীতৰ প্ৰদৰ্শনী সমগ্ৰ তামিলনাডুত হৈছিল। “মুখত পাউডাৰ সানি আমি নিশা ১০ বজাত নৃত্য আৰম্ভ কৰিছিলো আৰু পিছদিনা পুৱা ৪ বা ৫ বজাত সামৰিছিলো,” থাৰ্মা আম্মাই কয়।

জানুৱাৰীৰ পৰা জুন-জুলাই মাহৰ সময়ছোৱাত বিভিন্ন ঠাইৰ পৰা আমন্ত্ৰণ আহে। আমন্ত্ৰণ ৰক্ষা কৰি তেওঁৰ মাহে ৮ৰ পৰা ১০ হাজাৰ টকা উপাৰ্জন হয়। বছৰৰ বাকী সময়ছোৱাত থাৰ্মা আম্মাই মাহে অতি বেছি ৩,০০০ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়।

বিশ্ব মহামাৰীজনিত লকডাউনে সকলো সলনি কৰি পেলালে। “তামিলনাডু এয়াল ইছাই নাটকা মনৰমৰ সদস্যভূক্তি থকা স্বত্ত্বেও একো সহায় পোৱা নাই,” তেওঁ কয়। তামিলনাডু সংগীত, নৃত্য, নাটক আৰু সাহিত্য কেন্দ্ৰ হৈছে ৰাজ্যখনৰ কলা আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ অন্তৰ্গত এক শাখা। “পুৰুষ আৰু মহিলা লোকশিল্পীয়ে সহজেই পেঞ্চনৰ কাৰণে আবেদন কৰিব পাৰে যদিও ৰূপান্তৰিতসকলৰ বাবে এয়া জটিল কাম হৈ পৰে। মোৰ আবেদনখন ভালেকেইবাৰ অগ্ৰাহ্য কৰা হৈছে। বিষয়াসকলে মোক চুপাৰিচ লিখাই আনিবলৈ কয়। মই কাৰ পৰা লিখাই আনিম ভাবি নাপাও। মই অলপো সুবিধা পোৱাহেঁতেন এই জটিল সময়ত সকাহ পালোহেঁতেন। আমি কেৱল ভাত ৰান্ধিছো, পাচলি কিনিবলৈকো আমাৰ তাত পইচা নাই।”

*****

মাডুৰাই চহৰৰ পৰা ১০ কিলোমিটাৰ দূৰৰ ভিলাংগুড়ি টাউনখনত মেগীৰো একেই দশা। যোৱা বছৰ নপৰালৈকে তেওঁ মাডুৰাই আৰু আন জিলাবোৰত ঘূৰি ফুৰি কুম্মি পাটু গাই জীৱিকা অৰ্জন কৰিছিল। বীজ সিচাৰ পিছত গজালি ওলোৱা পৰ্বত গোৱা পাৰম্পৰিক গীতত নাচিব পৰা মুষ্টিমেয় ৰূপান্তৰিত মহিলাসকলৰ মাজৰ তেওঁ এগৰাকী।

PHOTO • M. Palani Kumar

মাডুৰাইৰ নিজৰ কোঠাটোত বন্ধুবৰ্গ আৰু সহকৰ্মীৰ সৈতে মেগী (কেমেৰাৰ পিনে পিঠি দি থকাগৰাকী)- শালিনী (বাওঁফালে), ভব্যশ্ৰী (শালিনীৰ পিছফালে), আৰাচি (হালধীয়া কূৰ্তা পৰিহিতা), কে স্বষ্টিকা (আৰাচিৰ কাষতে থকাগৰাকী), ছিফানা (আৰাচিৰ পিছফালে)। জুলাইত নৃত্য-গীতৰ আমন্ত্ৰণবোৰ শেষ হ’বৰ হ’ল, বছৰটোৰ বাকীছোৱা সময়ত তেওঁলোকে কাম পোৱাটো খুবেই কঠিন

“মই ৰূপান্তৰিত মহিলা হোৱা হেতুকে ঘৰ এৰিবলগীয়া হৈছিল (মাডুৰাই চহৰত, তাইৰ মাক-দেউতাক কাষৰে গাঁৱৰ খেতিপথাৰৰ শ্ৰমিকৰ কাম কৰিছিল),” ৩০ বছৰ বয়সীয়া মেগীয়ে কয় (তেওঁ নিজকে এই নামেৰে পৰিচয় দিয়ে)। “মোৰ তেতিয়া বয়স ২২ মান আছিল। মোৰ বন্ধু এজনে মুলাইপাৰি উৎসৱলৈ লৈ গ’ল, তাৰপৰাই মই কুম্মি পাটু শিকিব ল’লো।”

ভিলাংগুড়িৰ ৰাস্তাত মেগীয়ে আন ২৫ গৰাকী ৰূপান্তৰিত মহিলাৰ সৈতে থাকে, তাৰে দুজনে কুম্মি পাটু গাব পাৰে, তেওঁ কয়। তামিলনাডুত প্ৰতিবছৰে জুলাই মাহত উদযাপিত ১০ দিনীয়া মুলাইপাৰি উৎসৱত বৃষ্টি, মাটিৰ উৰ্বৰতা আৰু নদন-বদন শস্যৰ দেৱীগৰাকীক এই স্তুতি গীতেৰে উপাসনা কৰা হয়। “উৎসৱত আমাক অতিকমেও ৪,০০০ৰ পৰা ৫,০০০ টকা মাননি দিয়ে,” মেগীয়ে কয়। “আমি মন্দিৰৰ অনুষ্ঠান আদিতো নৃত্য-গীত প্ৰদৰ্শনৰ সুযোগ পাও যদিও সেই অনুষ্ঠানবোৰৰ নিশ্চয়তা নাই।”

কিন্তু ২০২০ৰ জুলাইত সেই উৎসৱ অনুষ্ঠিত কৰা নহ’ল আৰু এই মাহতো নহ’ল। যোৱাবছৰ লকডাউন আৰম্ভ হোৱাৰ পিছৰে পৰা মেগীয়ে খুব কম ঠাইলৈহে প্ৰদৰ্শনৰ বাবে যাব পাৰিছে। “এইবছৰ আমি মাডুৰাইৰ এটা মন্দিৰত লকডাউনৰ কেইটামান দিন পূৰ্বে (মাৰ্চৰ মধ্যভাগত) তিনিদিনৰ বাবে নৃত্য-গীত প্ৰদৰ্শনৰ সুযোগ পাইছিলো,” তেওঁ কয়।

এতিয়া জুলাই মাহত আমন্ত্ৰণ আৰু প্ৰদৰ্শনীবোৰ বন্ধ হোৱাৰ পিছৰে পৰা মেগীৰ লগতে তেওঁৰ সহকৰ্মীসকলে বছৰটোৰ বাকীছোৱা সময়ত তেনেই হাত সাৱতি বহি থাকিবলগীয়া হ’ব।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

মেগীৰ কোঠাত, ভি আৰাচিয়ে এবিধ ব্যঞ্জন ৰান্ধিছেঃ ‘মই ৰূপান্তৰিত মহিলা হোৱা কাৰণে ঘৰ এৰিবলগীয়া হৈছিল’, মেগীয়ে কয় (সোঁফালে)

যোৱাবছৰ লকডাউন আৰম্ভ হোৱাৰে পৰা স্বেচ্ছাসেৱকসকলে ৰূপান্তৰিত শিল্পীসকলক কেইবাৰমান ৰেচন দিছে। কলা আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সৈতে পঞ্জীয়ন থকা কাৰণে মেগীয়ে মাহে চৰকাৰৰ পৰা মে’ মাহত ২,০০০ টকা পাইছে। “বহুতেই এইখিনি নোপোৱাটো বৰ দূৰ্ভাগ্যজনক কথা,” তেওঁ কয়।

তেওঁলোকৰ কাৰণে বছৰটোৰ আটাইতকৈ ভাল মাহকেইটাতে আমন্ত্ৰণৰ সংখ্যা লকডাউনৰ আগৰে পৰা কমিছিল, মেগীয়ে কয়। “বহু পুৰুষ-মহিলাই কুম্মি গীত গাবলৈ লৈছে, তেওঁলোকে মন্দিৰৰ কাৰ্য্যসূচীত ভাগ লয়। বহু ঠাইত আমি ৰূপান্তৰিত হোৱা কাৰণে বৈষম্যৰ বলি হওঁ। আগতে এই শিল্পবিধ লোকশিল্পীসকলৰ মাজতে সীমাবদ্ধ আছিল আৰু বহু ৰূপান্তৰিত মহিলাই এই শিল্পবিধৰ সৈতে জৰিত আছিল। কিন্তু শিল্পবিধৰ জনপ্ৰিয়তা বাঢ়ি অহাত আমাৰ বাবে সুযোগ-সুবিধা কমি আহিছে।”

*****

মাডুৰাই চহৰৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰৰ পুডুক্কট্টাই জিলাৰ ভিৰালিমালাই টাউনত বৰ্ষাই ১৫ টাৰো অধিক মাহ জীৱিকাৰ যুঁজ দিবলগীয়া হৈছে। পিন্ধিব-খাবলৈ একো নথকাত তেওঁ স্থানীয় কোম্পানী এটাত কাম কৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল’মাধাৰী সৰুটো ভায়েকৰ ওপৰতে নিৰ্ভৰ কৰি চলিবলগীয়া হৈছে।

মাডুৰাই কামৰাজ বিশ্ববিদ্যালয়ৰ লোকশিল্পৰ স্নাতকোত্তৰ ডিগ্ৰীৰ দ্বিতীয় বৰ্ষত পঢ়ি থকা ২৯ বছৰ বয়সীয়া বৰ্ষাই অতিমাৰীৰ আগতে উৎসৱ-পাৰ্ৱণ আৰু মন্দিৰৰ কাৰ্য্যসূচীবোৰত ভাগ লৈ সামান্য উপাৰ্জন কৰিছিল আৰু দিনৰ ভাগত পঢ়িছিল, ২-৩ ঘণ্টামানহে জিৰণি লৈছিল।

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

বাওঁফালেঃ পুডুক্কট্টাই জিলাৰ নিজৰ ঘৰত বৰ্ষা। পিছফালে পথাৰত শ্ৰমিকৰ কাম কৰা তেওঁৰ পিতৃ পি. কাৰুপ্পাইয়াহৰ ফটো এখন দেখা গৈছে। সোঁফালেঃ বৰ্ষাই কালীমাৰ ভাও ধৰিছে, ভিৰালিমালাইস্থিত নিজ ঘৰৰ কাষত তেওঁৰ মাক কে চিত্ৰা আৰু সৰু ভায়েক কে থুৰাইৰাজৰ সৈতে

তেওঁ কয় যে তেঁৱেই কাট্টা কাল আট্টাম নচা প্ৰথমগৰাকী ৰূপান্তৰিত মহিলা (তেওঁ স্থানীয় বাতৰি কাকত এখনত ওলোৱা প্ৰতিবেদন এটা মোলৈ পঠিয়াইছিল), য’ত তেওঁলোকে দুডাল কাঠৰ দীঘল মাৰি বান্ধি লৈ গীতৰ তালে তালে নাচে। ভাৰসাম্য ৰাখি নচাৰ বাবে যথেষ্ট অভিজ্ঞতা আৰু কৌশলৰ প্ৰয়োজন হয়।

বৰ্ষাই আন বহুতো নৃত্য নাচিব জানে। তাৰে মাজৰ এটা হৈছে ঠাপ্পাট্টাম, ঘাইকৈ দলিতসকলে বজোৱা এক পাৰম্পৰিক ঢোল থাপ্পুৰ তালে তালে তেওঁলোকে নাচে। কিন্তু তেওঁ কয় যে দেইবিগা নাদানাম (দেৱীৰ নৃত্য) তেওঁৰ প্ৰিয়। তেওঁ তামিলনাডুৰ জনপ্ৰিয় লোকশিল্প আৰু তেওঁৰ প্ৰমুখ তামিল টেলিভিছন চেনেলবোৰত নৃত্য সম্প্ৰচাৰ হৈছে। তেওঁক স্থানীয় সংস্থাবোৰেও সম্বৰ্ধনা যাঁচিছে। বেংগালুৰু, চেন্নাই আৰু দিল্লীকে ধৰি তেওঁ বিভিন্ন নগৰলৈ নৃত্য প্ৰদৰ্শনৰ বাবেও গৈছে।

বৰ্ষা অৰ্ধনাৰী কালাই কুলু নামে ৰূপান্তৰিত মহিলা শিল্পীৰ গোট এটাৰো প্ৰতিস্থাপক সদস্য। ২০১৮ত স্থাপিত গোটটোৰ সাতগৰাকী সদস্য মাডুৰাই জিলাৰ বিভিন্ন গাঁৱত বাস কৰে। ক’ভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ আগতে তেওঁলোকে জানুৱাৰীৰ পৰা জুনলৈ অতিকমেও ১৫ টা কাৰ্যসূচীৰ বাবে আমন্ত্ৰণ পাইছিল। “আমি মাহে ১০,০০০ টকা পৰ্যন্ত (গাইপতি) আৰ্জিবলৈ সক্ষম হৈছিলো,” বৰ্ষাই কয়।

“মোৰ কলাই মোৰ জীৱন,” তেওঁ কয়। “আমি নাচিবলৈ পালেহে খাবলৈ পাওঁ। আমি বছৰটোৰ প্ৰথম ছটা মাহৰ আয়েৰে গোটেই বছৰটো চলিবলগীয়া হয়।” তেওঁৰ দৰে আন ৰূপান্তৰিত শিল্পীসকলে যিমানখিনি উপাৰ্জন কৰে, সিমানখিনিৰে তেওঁলোকে কোনোমতে পেটে-ভাতে খাই জীয়াই থাকিব পাৰে। “সঞ্চয় কৰিবলৈ টকা নোজোৰে,” তেওঁ কয়। “সাজ-পাৰ, যাতায়ত আৰু খাদ্যৰ নামত খৰছ হোৱাৰ কাৰণে সঞ্চয় কৰাটো টান হৈ পৰে। পঞ্চায়ত কাৰ্য্যালয়ত ঋণৰ আবেদনো নাকচ কৰে। বেংকৰ পৰাও আমি ঋণ নাপাও (সঠিক কাগজ-পাতি নথকাৰ বাবে)। পৰিস্থিতি এনে হৈ পৰিছে যে আমি ১০০ টকা পালেও এতিয়া নাচিম।”

PHOTO • M. Palani Kumar
PHOTO • M. Palani Kumar

ভালেমান পুৰস্কাৰ পোৱা (কোঠাটোত সুন্দৰকৈ সজাই থোৱা আছে) তামিলনাডুৰ জনপ্ৰিয় লোকশিল্পী বৰ্ষাই কয়, ‘যোৱা দুটা বছৰ ধৰি মই ঘৰতে বহি আছো’

বৰ্ষাই ১০ মান বছৰ বয়সতে নিজৰ ৰূপান্তৰিত পৰিচয়ৰ কথা জানিছিল, তেতিয়া তেওঁ ৫ম মানত আছিল। স্থানীয় উৎসৱত নৃত্য-গীতৰ অনুষ্ঠান চাই চাই তেওঁ শিকিছিল আৰু ১২ বছৰ বয়সতে লোকনৃত্য প্ৰদৰ্শন কৰিছিল। বিশ্ববিদ্যালয়ত লোকশিল্পৰ বাবে নামভৰ্ত্তি কৰাৰ পিছতহে তেওঁ আনুষ্ঠানিক প্ৰশিক্ষণ লাভ কৰিছিল।

‘মোৰ ঘৰৰ মানুহে মোক আদৰি নল’লে, ১৭ বছৰ বয়সতে মই ঘৰ এৰিলো। লোকশিল্পৰ প্ৰতি ধাউতি থকাৰ বাবেই মোক পৰিয়ালে (শেষত) আঁকোৱালি ল’লে,’ মাক (প্ৰাক্তন কৃষিশ্ৰমিক) আৰু সৰু ভায়েকৰ সৈতে ভিৰালিমালাই গাওঁ নিবাসী বৰ্ষাই কয়।

“কিন্তু যোৱা দুটা বছৰ মই ঘৰতে হাত সাৱতি বহি আছো [২০২০ৰ প্ৰথমটো লকডাউনৰ পিছৰে পৰা। কাৰোপৰা একো সাহায্য পোৱ নাই (বন্ধুবৰ্গৰ বাহিৰে)]। আনকি যোৱাবছৰ আমাক সহায় কৰিবপৰা সকলে এইবছৰ নোৱাৰিলে,” তেওঁ কয়। “গ্ৰামাঞ্চলৰ ৰূপান্তৰিত শিল্পীয়ে চৰকাৰৰ পৰাও একো আৰ্থিক সাহায্য পোৱা নাই। যোৱা বছৰৰ দৰে এইটো বছৰতো আমি কৰ্মহীনতাতে কটাব লাগিব। আমি কাৰো চকুত নপৰিলো।”

এই প্ৰতিবেদনৰ সাক্ষাৎকাৰবোৰ ফোনতে লোৱা হৈছিল।

অনুবাদ: পংকজ দাস

Reporting : S. Senthalir

S. Senthalir is an independent journalist based in Ranibennur town of Haveri district in Karnataka, and a 2020 PARI Fellow.

Other stories by S. Senthalir
Photographs : M. Palani Kumar

M. Palani Kumar is a 2019 PARI Fellow, and a photographer who documents the lives of the marginalised. He was the cinematographer for ‘Kakoos’, a documentary on manual scavengers in Tamil Nadu by filmmaker Divya Bharathi.

Other stories by M. Palani Kumar
Translator : Pankaj Das

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Other stories by Pankaj Das