পূব ঘাটৰ ওখোৰা-মোখোৰা পাহাৰবোৰৰ পিছফালে সূৰ্য অস্ত যোৱাৰ লগে লগে দাঁতিকাষৰীয়া অৰণ্যত পাহাৰীয়া মইনা চৰাইৰ তীক্ষ্ণ মাতবোৰ অৰ্ধসামৰিক বাহিনীৰ বুট জোতাৰ প্ৰচণ্ড শব্দত হেৰাই যায়। তেওঁলোকে পুনৰ গাঁৱত টহল দিবলৈ আহিছে। এই সন্ধিয়াবোৰলৈ তেওঁ আটাইতকৈ বেছি ভয় কৰিছিল।

তেওঁ নাজানে কিয় তেওঁৰ নাম ডেমাথি ৰখা হ’ল। “তেওঁ আছিল আমাৰ গাঁৱৰ এগৰাকী সাহসী মহিলা, যি অকলেই ব্ৰিটিছ সৈন্যক খেদি পঠিয়াইছিল” মায়ে খুব উৎসাহেৰে কাহিনীটো শুনাইছিল। কিন্তু তেওঁ একেবাৰেই ডেমাথিৰ দৰে নাছিল – তেওঁ আছিল ভয়াতুৰ।

আৰু তেওঁ পেটৰ বিষ, ভোক, ঘৰত পৰ্যাপ্ত পানী, টকা-পইচা নোহোৱাকৈ, সন্দিহান দৃষ্টি, ভাবুকিপূৰ্ণ চাৱনিবোৰ, নিয়মিত ৰূপত চলি থকা গ্ৰেপ্তাৰ, নিৰ্যাতন, মৃত্যু হোৱা মানুহৰ সৈতে জীয়াই থাকিবলৈ শিকিছিল। কিন্তু এইবোৰৰ লগতে তেওঁৰ কাষত আছিল অৰণ্যখন, গছবোৰ, আৰু এটা নিজৰা। তেওঁ শাল গছবোৰৰ মাজত মাকৰ গাৰ গোন্ধটো বিচাৰি পাইছিল, আৰু অৰণ্যত আইতাকৰ গীতবোৰৰ প্ৰতিধ্বনি শুনিবলৈ পাইছিল। তেওঁ জানিছিল, এই সকলোবোৰ তেওঁৰ ওচৰত থকালৈকে তেওঁ সমস্যাৰ মাজতো জীয়াই থাকিব পাৰিব।

কিন্তু এতিয়া সিহঁতে তেওঁক তেওঁৰ পঁজাঘৰটো, তেওঁৰ গাঁও, তেওঁৰ মাটিৰপৰা আঁতৰাই পঠাব বিচাৰিছে – যেতিয়ালৈকে তেওঁ সেই নথি দেখুৱাব নোৱাৰিব যি তেওঁ জনা সকলোবোৰ প্ৰমাণ কৰিব পাৰে। এয়াই যথেষ্ট নাছিল যে তেওঁৰ দেউতাকে তেওঁক ৰোগ নিৰাময় কৰিব পৰা বিভিন্ন গছ আৰু জোপোহা উদ্ভিদৰ নামবোৰ শিকাইছিল। মাকৰ সৈতে ফল-মূল, বাদাম আৰু খৰি গোটাবলৈ যাওঁতে মাকে তেওঁক সেই গছজোপা দেখুৱাইছিল যিজোপাৰ তলত তেওঁৰ জন্ম হৈছিল। আইতাকে তেওঁক অৰণ্য বিষয়ক গীতবোৰ শিকাইছিল। তেওঁ ভায়েকৰ সৈতে সেই ঠাইখিনিত উমলিছিল, চৰাই চাইছিল, সিহঁতৰ মাত অনুকৰণ কৰিছিল।

কিন্তু এনেধৰণৰ জ্ঞান, সেই কাহিনীবোৰ, গীতবোৰ আৰু শৈশৱৰ খেলবোৰ প্ৰমাণ হ’ব পাৰেনে? নিজৰ নামটোৰ অৰ্থ, আৰু যিগৰাকী মহিলাৰ নামেৰে তেওঁৰ নামটো ৰখা হৈছিল সেই বিষয়ে তেওঁ ভাবিবলৈ ধৰিছিল। ডেমাথিয়ে কেনেকৈ প্ৰমাণ কৰিলে যে তেওঁ সেই অৰণ্যখনৰে বাসিন্দা?

সুধান্বা দেশপাণ্ডেয়ে কৰা কবিতাটোৰ আবৃত্তি শুনিব পাৰে

PHOTO • P. Sainath

ডেমাথি ডেই সবৰ নুৱাপাড়া জিলাৰ তেওঁ জন্ম হোৱা গাঁওখনৰ নামেৰে ‘চালিহান’ হিচাপে জনাজাত। ২০০২ চনত পি. সাইনাথে লগ পোৱাৰ সময়ত তেওঁৰ বয়স ৯০ৰ আশে-পাশে আছিল (সেই প্ৰতিবেদনখনৰ লিংক তলত দিয়া হৈছে)। তেওঁৰ অতুলনীয় সাহস স্বীকৃতিৰপৰা বঞ্চিত হৈ ৰ’ল – তেওঁৰ গাঁৱৰ বাহিৰত – মানুহে তেওঁক পাহৰি গ’ল, সেয়ে তেওঁ অত্যন্ত দৰিদ্ৰতাত জীৱন কটাইছিল

বিশ্বৰূপ দৰ্শন*

ছবিখনত তেওঁ হাঁহি আছিল,
তেওঁৰ কণমানি পঁজা ঘৰটোৰ
বোকাৰে লেপি থোৱা দুৱাৰডলিত বহি।
এয়াই আছিল তেওঁৰ হাঁহি
যি গাঢ়কৈ ৰং সিঁচিছিল
অবিন্যস্তভাৱে মেৰিয়াই থোৱা
কুমকুম বৰণীয়া শাড়ীখনত।
এয়াই আছিল তেওঁৰ হাঁহি
যি তেওঁৰ শোঁতোৰা পৰা উন্মুক্ত বাহু
আৰু কামিহাড়ক কৰি তুলিছিল
উজ্জ্বল ৰূপোৱালী ।
এয়াই আছিল তেওঁৰ হাঁহি
যি উজলাই তুলিছিল
তেওঁৰ হাতত থকা নক্সাৰ
সেউজীয়া চানেকিবোৰ।
এয়াই আছিল তেওঁৰ হাঁহি
যি সাগৰৰ ঢৌৰ দৰে
উৰুৱাই দিছিল
তেওঁৰ আউল-বাউল ৰূপালী হালধীয়া চুলিবোৰ।
এয়াই আছিল তেওঁৰ হাঁহি
যি সোঁৱৰণিৰে উদ্ভাসিত কৰি তুলিছিল
তেওঁৰ ছানি পৰা চকুযুৰি।

মই বহুপৰ ৰ লাগি চাই আছিলোঁ
সোলোক-ঢোলোক দাঁতেৰে
হাঁহি থকা ডেমাথিলৈ।
সন্মুখৰ দাঁত দুটাৰ মাজৰ এক ছিদ্ৰৰে
তেওঁ লৈ গৈছিল মোক
তেওঁৰ ভোকাতুৰ পেটৰ অতল গহ্বৰলৈ।

চকুৰে দেখা আৰু নেদেখা দূৰলৈকে
তপত অন্ধকাৰ।
নাই কোনো দিব্য মুকুট
নাই শিৰোভূষণ
নাই গদা
নাই চক্ৰ
সহস্ৰ সুৰুযৰ আভাৰে উদ্ভাসিত
এডাল লাঠীৰ সৈতে
থিয় হৈছিল ডেমাথিৰ ঠুনুকা শৰীৰটো
আৰু তেওঁৰ অভ্যন্তৰৰপৰা ওলাইছিল
আৰু তেওঁৰ অভ্যন্তৰতে বিলীন হৈছিল
এঘাৰজন ৰুদ্ৰ
বাৰজন আদিত্য
বসুৰ আঠজন পুত্ৰ
দুজন অশ্বিনী কুমাৰ
ঊনপঞ্চাশজন মৰুৎ
গন্ধৰ্ব গণ
যক্ষ গণ
অসুৰ
আৰু সমূহ সুনিপুণ ঋষি।
তেওঁৰ পৰাই জন্মিছে
চল্লিশজনী চালিহা কন্যা
আৰু আশী লাখ চাৰিশ হাজাৰ চাৰণ কন্যা**
সকলো বিদ্ৰোহ
সমূহ বিপ্লৱী
সমূহ স্বপ্নৰ স্বপ্নদ্ৰষ্টা
ক্ৰোধ আৰু প্ৰতিবাদৰ সকলো কণ্ঠ
আৰাৱলী আৰু গিৰনাৰৰ দৰে
সকলো অদম্য পৰ্বত।
তেওঁৰপৰাই জন্ম
তেওঁতেই বিলীন
আই, পিতা
আৰু মোৰ সমগ্ৰ মহাবিশ্ব !


আপুনি মূল প্ৰতিবেদনখন ইয়াত পঢ়িব পাৰিব।

অ’ডিঅ’: সুধান্বা দেশপাণ্ডে জন নাট্য মঞ্চৰ সৈতে জড়িত এগৰাকী অভিনেতা আৰু পৰিচালক, আৰু লেফ্টৱৰ্ড বুকছৰ সম্পাদক।

প্ৰচ্ছদ চিত্ৰণ: মূলতঃ পশ্চিমবংগৰ নাদিয়া জিলাৰ এখন সৰু চহৰৰ নিবাসী, লাবানি জাংগিয়ে বৰ্তমান কলকাতাৰ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল ছায়েঞ্চেজত বাঙালী শ্ৰমিক প্ৰব্ৰজন বিষয়ত পিএইচডি কৰি আছে। তেওঁ এগৰাকী স্ব-প্ৰশিক্ষিত চিত্ৰশিল্পী আৰু তেওঁ ভ্ৰমণ কৰি ভাল পায়।

* বিশ্বৰূপ দৰ্শন হ’ল ভাগৱত গীতাৰ ১১শ অধ্যায়ত থকা অৰ্জুনৰ প্ৰতি কৃষ্ণৰ বাস্তৱিক, চিৰন্তন ৰূপৰ ৰহস্য উদ্ঘাটন। এই অধ্যায়টোত এই ৰূপৰ বৰ্ণনা দহ লাখ চকু, মুখ, বহু অস্ত্ৰধাৰী হাতৰ সৈতে কৰা হৈছে, য’ত সমূহ দেৱী-দেৱতা, সকলো প্ৰকাৰৰ জীৱিত আৰু নিৰ্জীৱ বস্তুকে ধৰি অনন্ত ব্ৰহ্মাণ্ড জড়িত হৈ আছে।

** চাৰণ কন্যা হ’ল জাভেৰচান্দ মেঘানী ৰচিত আটাইতকৈ প্ৰসিদ্ধ গুজৰাটী কবিতাসমূহৰ ভিতৰত এটা কবিতাৰ শিৰোনাম। এই কবিতাটো হ’ল গুজৰাটৰ চাৰণ জনগোষ্ঠীৰ এজনী ১৪ বছৰীয়া ছোৱালীৰ বীৰত্বৰ বৰ্ণনা, যি গাঁৱত আক্ৰমণ কৰিবলৈ অহা সিংহ এটাক লাঠীৰে কোবাই খেদি পঠিয়াইছিল।

অনুবাদ: বন্যা বৰুৱা

Pratishtha Pandya

Pratishtha Pandya is a poet and a translator who works across Gujarati and English. She also writes and translates for PARI.

Other stories by Pratishtha Pandya
Translator : Bonya Baruah

Bonya Baruah is a freelance journalist and language expert based in Mumbai. She has been a recipient of many prestigious fellowships including UNICEF Media Fellowship, ZUBAAN-Sasakawa Peace Fellowship, Assam govt. media fellowship and Assam Science Technology and Environment Council Climate Change Reporting fellowship. Her areas of interest are women and gender, environment, human rights and development journalism.

Other stories by Bonya Baruah