“এই সংগ্ৰাম কেৱল কৃষকৰে নহয়, এয়া কৃষি শ্ৰমিকসকলৰো সংগ্ৰাম," ৰেশম কৌৰ আৰু বীণ্ট কৌৰে কয়৷ তাৰোপৰি “এই কৃষি আইনসমূহ বলবৎ কৰিলে কেৱল কৃষক বা তেওঁলোকৰ পৰিয়ালেই যে ক্ষতিগ্ৰস্ত হ’ব এনে নহয়, অগণন কৃষি শ্ৰমিকৰ জীৱিকা আৰু খাদ্য-সুৰক্ষাৰ ওপৰতো ই নেতিবাচক প্ৰভাৱ পেলাব।"

ৰেশম আৰু বীণ্ট দুয়ো বাই-ভনী৷ ৰাষ্ট্ৰীয় ৰাজধানীৰ উপকণ্ঠ অঞ্চলত চলি থকা কৃষকসকলৰ প্ৰতিবাদত ভাগ ল’বলৈ যোৱা ৭ জানুৱাৰীৰ আবেলি দুয়ো পাঞ্জাৱৰ মুক্তচৰ জিলাৰ পৰা ঢাপলি মেলিছিল৷

সেইদিনা নিশা পাঞ্জাৱ খেত মজদুৰ ইউনিয়নে ব্যৱস্থা কৰা কমেও ২০ খন বাছত পাঞ্জাৱৰ পৰা প্ৰায় ১৫০০ লোক আহি পশ্চিম দিল্লীৰ টিক্ৰীৰ প্ৰতিবাদস্থলীত উপস্থিত হয়৷ এই লোকসকল ভাতিন্দা, ফৰিদকোট, জলন্ধৰ, ম’গা, মুক্তচৰ, পাটিয়ালা আৰু চংগ্ৰুৰ জিলাৰ পৰা আহিছিল৷ ৰেশম আৰু তেওঁৰ ভনী বীণ্টে এই ২০ খন বাছৰে এখনত উঠি আহি প্ৰতিবাদস্থলীত উপস্থিত হয়৷ দুই বাই-ভনীয়ে মুক্তচৰ জিলাস্থিত তেওঁলোকৰ গাওঁ চানুৰ ওচৰৰ এঠাইত বাছ ধৰে।

টিক্ৰী আৰু দিল্লীৰ ওচৰে-পাঁজৰে থকা আন প্ৰতিবাদস্থলীসমূহত যোৱা ২৬ নৱেম্বৰৰ পৰা ভালেসংখ্যক কৃষকে বাহৰ পাতি আছে৷ আনসকলে কিছুদিন প্ৰতিবাদত অংশ লোৱাৰ পাছত নিজ নিজ গাঁৱলৈ ঘূৰি গৈ চলিত প্ৰতিবাদৰ বিষয়ে আন মানুহক জনাইছে। “এই নতুন কৃষি আইনসমূহে কেনেদৰে কৃষি শ্ৰমিকসকলৰ ওপৰতো প্ৰভাৱ পেলাব, সেই বিষয়ে আমাৰ গাঁৱৰ বহুতে নাজানে," ২৪ বছৰীয়া ৰেশমে কয়৷ ইয়াৰ কাৰণ ব্যাখ্যা কৰি তেওঁ লগতে কয়, “আচলতে এই কৃষি আইনসমূহে কৃষক আৰু কৃষি শ্ৰমিকসকলক উপকৃত কৰিব বুলি বাতৰি চেনেলসমূহে বাতৰি কৰিছে৷ এই আইনসমূহ বলবৎ হোৱাৰ পাছৰ পৰা কৃষি শ্ৰমিকসকলক ভূমি আৰু উন্নত সা-সুবিধা দিয়া হ’ব বুলি বাতৰি প্ৰকাশ পাইছে৷”

আইনকেইখন প্ৰথমে অধ্যাদেশ হিচাপে জাৰী কৰা হৈছিল ২০২০ চনৰ ৫ জুনত, তাৰ পাছত ১৪ ছেপ্টেম্বৰত সংসদত কৃষি বিধেয়ক হিচাপে উত্থাপন কৰা হয় আৰু সেই মাহৰে ২০ তাৰিখে তাৎক্ষণিকভাৱে আইনত পৰিণত কৰা হয়। আইনকেইখন হৈছেঃ কৃষকৰ (সবলীকৰণ আৰু সুৰক্ষা) মূল্য নিশ্চিতকৰণ চুক্তি আৰু কৃষি সেৱা আইন, ২০২০ ; কৃষকৰ উৎপাদিত সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (সংবৰ্দ্ধন আৰু সৰলীকৰণ) আইন, ২০২০ ; আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) আইন, ২০২০ । এই আইনকেইখনে ভাৰতীয় সংবিধানৰ ৩২ নং অনুচ্ছেদক উপেক্ষা কৰি ভাৰতীয় নাগৰিকৰ আইনী যুঁজৰ অধিকাৰ কাঢ়ি নিয়াৰ বুলিও সমালোচিত হৈছে।

PHOTO • Sanskriti Talwar

ৰেশম (বাওঁফালে) আৰু বীণ্টে কয়, “এই আইনকেইখনে আমাৰ কৃষকৰ খেতিৰ মাটিখিনিয়েই যদি হস্তগত কৰে, তেন্তে আমাৰ মা-দেউতাই ক’ত কাম বিচাৰি পাব আৰু সন্তানক পঢ়ুৱাব কেনেকৈ?”

এই আইনকেইখনে কৃষকৰ জীৱিকা ধ্বংস কৰিব বুলিও কৃষকে ভাবে, কিয়নো আইনকেইখনে কৃষক আৰু কৃষিৰ ওপৰত বৃহৎ কৰ্প’ৰেট গোষ্ঠীক অধিক ক্ষমতা প্ৰদান কৰিব। ইয়াৰ উপৰিও আইনকেইখনে ন্যূনতম সমৰ্থন মূল্য (এমএচপি), কৃষিজাত উৎপাদন বিপণন সমিতি (এপিএমচি সমূহ), চৰকাৰীভাৱে শস্য সংগ্ৰহ, যোগান আৰু অন্যান্যকে ধৰি কৃষকৰ প্ৰতি আগবঢ়োৱা সাহায্যৰ প্ৰধান নীতিসমূহো উপেক্ষা কৰিছে।

ৰেশম আৰু বীণ্ট বৌৰিয়া দলিত সম্প্ৰদায়ৰ৷ তেওঁলোকৰ চান্নু গাঁৱৰ মুঠ জনসংখ্যা ৬,৫২৯ৰ ৫৮ শতাংশই বৌৰিয়া সম্প্ৰদায়ৰ৷ অৰ্থাৎ এইসকল লোক অনুসূচিত জাতিৰ লোক৷ ৰেশম আৰু বীণ্টৰ পৰিয়ালটো কৃষিশ্ৰমৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোকৰ ৪৫ বছৰীয়া মাতৃ পৰমজিত কৌৰে এতিয়াও খেতি পথাৰত কাম কৰে৷ আনহাতে তেওঁলোকৰ ৫০ বছৰীয়া পিতৃ বলবীৰ সিঙৰ গাঁৱত ট্ৰলী আৰু ধাতুৰ গে’ট তৈয়াৰ কৰা এটা ৱৰ্কশ্বপ আছে। বাই-ভনী দুজনীৰ ভায়েক হৰদীপৰ বয়স এতিয়া ২০ বছৰ যদিও তেওঁ বিবাহিত৷ হৰদীপে দশম শ্ৰেণীতে পঢ়া-শুনা এৰিছে৷ তেওঁ পিতৃৰ লগত ৱৰ্কশ্বপত কাম কৰে৷

ৰেশম বুৰঞ্জীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু তেওঁ যোৱা বছৰ লকডাউন ঘোষিত হোৱাৰ আগলৈকে মাহিলী তিনি হেজাৰ টকাৰ দৰমহাত এখন ব্যক্তিগত স্কুলত শিক্ষকতা কৰিছিল৷ লকডাউনৰ পাচত তেওঁ টিউচন কৰিবলৈ ল’লে, তাৰপৰা তেওঁ মাহিলী দুহেজাৰ টকা আয় হয়৷ আনহাতে তেওঁৰ ভনী বীণ্টৰ বয়স বৰ্তমান ২২ বছৰ আৰু তেওঁ বি.এ. ডিগ্ৰীধাৰী৷ কল-কাৰাখানাৰ কেৰাণীৰ চাকৰিৰ বাবে আবেদন জনোৱাৰ কথা বীণ্টে ভাবি থৈছে৷ ঘৰত দুই বাই-ভনীয়ে কাপোৰ চিলোৱাৰ কামো কৰে৷ তেওঁলোকে চিলোৱা এযোৰ চেলোৱাৰ-কামিজ ৩০০ টকাত বিক্ৰী হয়৷ এটা সময়ত তেওঁলোকে কাপোৰ চিলাইয়ে পঢ়া-শুনা তথা কলেজৰ মাচুলৰ খৰচ উলিয়াইছিল৷

“আমাৰ জন্ম কৃষি শ্ৰমিকৰ পৰিয়ালত,” ৰেশমে কয়৷ “কৃষি শ্ৰমিকৰ ঘৰত ডাঙৰ হোৱাজনে জানে কেনেদৰে শ্ৰম কৰিব লাগে। আগতে আমাৰ স্কুলৰ বন্ধৰ দিনবোৰত ময়ো মা-দেউতাৰ সৈতে খেতি পথাৰত কাম কৰিছিলো৷ এনেদৰে শ্ৰম কৰি এটা দিনত ২৫০-৩০০ টকা উপাৰ্জন হৈছিল৷”

সকলো কৃষি শ্ৰমিকৰ সন্তানৰ প্ৰসংগ উল্লেখ কৰি তেওঁ আৰু কয়, “স্কুলৰ পৰীক্ষাৰ পাছত আমি হাত সাবতি বহি থকা নাছিলো৷ আন শিশুৰ দৰে আমি সেই বন্ধৰ দিনবোৰত আমোদ-প্ৰমোদৰ বাবে ফুৰিবলৈ যোৱাও নাছিলো৷ বৰঞ্চ আমি খেতি পথাৰত কাম কৰিছিলো৷”

বীণ্টে পুনৰ কয় যে এই আইনসমূহ কৃষি শ্ৰমিকসকলৰ সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিব৷ “যি কি নহওক, এজন শ্ৰমিকৰ সন্তানো শ্ৰমিক হ’ব বুলিয়েই ধৰি লোৱা হয়৷ এই আইনসমূহে কৃষকৰ ভূমি কাঢ়ি নিলে, আমাৰ পিতৃ-মাতৃসকলে কাম পাবনে, আকৌ ল’ৰা-ছোৱালীক শিক্ষিত কৰি তুলিব পাৰিবনে? চৰকাৰখনে দৰিদ্ৰজনৰ কামৰ লগতে মুখৰ আহাৰ আৰু শিক্ষা কাঢ়ি নি নিথৰুৱা কৰিব বিচাৰিছে,” বীণ্টে এইদৰে কয়৷

PHOTO • Sanskriti Talwar
PHOTO • Sanskriti Talwar

যোৱা ২৬ নৱেম্বৰৰ পৰা বহু কৃষকে টিক্ৰী সীমান্ত আৰু আন প্ৰতিবাদস্থলীসমূহত শিৱিৰ পাতি আছে৷ আন বহুতে কিছুদিন প্ৰতিবাদত অংশ লোৱাৰ পাছত নিজ নিজ গাঁৱলৈ ঘূৰি গৈ মানুহক চলিত প্ৰতিবাদৰ বিষয়ে অৱগত কৰিছেগৈ

৯ জানুৱাৰীৰ দুপৰীয়া এই ভগ্নীদ্বয়ে কৃষক সংঘৰ আন আন সদস্যৰ সৈতে টিক্ৰীৰ প্ৰতিবাদস্থলীৰ পৰা হাৰিয়ানা-দিল্লী সীমান্তৰ সিংঘূ প্ৰতিবাদস্থলীলৈ যাত্ৰা কৰে৷ সিংঘূ প্ৰতিবাদস্থলীৰ পৰা তিনি কিলোমিটাৰ আঁতৰত তেওঁলোকৰ বাছ ৰয়৷ আৰু তেওঁলোকে বাছৰ পৰা নামি প্লেকাৰ্ড আৰু নিজৰ নিজৰ কৃষক সংঘৰ পতাকা লৈ প্ৰতিবাদস্থলীৰ মূল মঞ্চৰ সন্মুখলৈ আটায়ে খোজকাঢ়ি যায়। ৰেশমে হাতত লৈ থকা প্লেকাৰ্ডত লিখা আছিলঃ ৰাজকোষ সৰ্বসাধাৰণ বাবে মুকলি কৰক, তেজপিয়া কৰ্প’ৰেটৰ বাবে নহয়।”

কৃষক সংঘৰ সভাত বীণ্টে জ্যেষ্ঠ ভগ্নীতকৈ বেছি ভাগ লৈছে৷ বিগত সাত বছৰ ধৰি তেওঁ পাঞ্জাৱ খেত মজদুৰ ইউনিয়নৰ সৈতে জড়িত৷ আনহাতে, এই কৃষি শ্ৰমিক সংঘত ৰেশমে তিনিবছৰ পূৰ্বে যোগদান কৰে৷ এই কৃষক শ্ৰমিক সংঘত জ্যেষ্ঠ ভগ্নীতকৈ আগতে যোগদান কৰা সম্পৰ্কত বীণ্টে কয় যে ইয়াৰ কাৰণ আছিল তেওঁৰ মোমায়েক-মামীয়েক সংঘৰ সদস্য-সদস্যা আছিল৷ চান্নু গাঁৱৰ পৰা ৫০ কিলোমিটাৰ নিলগৰ খুন্দে হালাল গাওঁ নিবাসী মোমায়েক-মামীয়েকে ছোৱালী সন্তানৰ হাবিয়াস কৰিছিল, সেয়ে বীণ্টক শিশুকালতে তুলি লৈছিল৷ “গতিকে মই কম বয়সতে এই কষি শ্ৰমিক সংঘৰ সদস্যা হ’লো,” তেওঁ কয়। (তিনি বছৰ আগতে বীণ্টে স্নাতক শিক্ষাৰ বাবে পিতৃ-মাতৃৰ ঘৰলৈ আহে)।

পাঁচ হেজাৰ সদস্যবিশিষ্ট পাঞ্জাৱ খেত ইউনিয়নে দলিতসকলৰ জীৱন-জীৱিকা, তেওঁলোকৰ ভূমিৰ অধিকাৰ আৰু বৰ্ণ-বৈষম্যৰ সৈতে জড়িত বিষয়ত কাম কৰি আহিছে৷ “বহুতে ভাবে যে কৃষি আইনবিৰোধী কৃষকসকলৰ এই প্ৰতিবাদ কৃষকসকলে ভূমিৰ অধিকাৰ আৰু ন্যূনতম সমৰ্থন মূল্যৰ সৈতে জড়িত বিষয়সমূহৰ বাবে কৰিছে৷ কিন্তু কৃষি শ্ৰমিকসকলে তেওঁলোকৰ খাদ্য সুৰক্ষাক লৈ তথা ৰাজহুৱা বিতৰণ ব্যৱস্থাক লৈ এই প্ৰতিবাদ কৰিছে,” এই কৃষি শ্ৰমিক সংঘৰ সাধাৰণ সম্পাদক লক্ষ্মণ সিং ছেৱেৱালাই কয়।

“আমাৰ গাৱঁত কৃষি শ্ৰমিকৰ কোনো সংঘ নাই, আছে কৃষক সংঘ। গতিকে বহু কৃষি শ্ৰমিকে বুজি পোৱা নাই যে তেওঁলোকৰ প্ৰতিও অন্যায় কৰা হৈছে,” বীণ্টে কয়। “কিন্তু ইয়াৰ বিষয়ে আমি অৱগত৷ আমি দিল্লীলৈ আহিছো যাতে আমি তেওঁলোকৰ আগত প্ৰতিবাদৰ এখন আচল ছবি দাঙি ধৰিব পাৰো আৰু লগতে এই আইনসমূহে কেনেদৰে কেৱল কৃষকৰে নহয়, আমাৰো যে ক্ষতি কৰিব সেই কথা তেওঁলোকক ক’ব পাৰো,” ৰেশমে বুজাই কয়৷

দুয়ো ভগ্নীয়ে ১০ জানুৱাৰীত উভতনি যাত্ৰা আৰম্ভ কৰে৷ এই প্ৰতিবাদস্থলীসমূহত দুদিন পাৰ কৰাৰ পাছত বীণ্টে কয় যে গাঁৱৰ মানুহক ক’ব পৰাকৈ তেওঁ প্ৰচুৰ তথ্য সংগ্ৰহ কৰিলে৷ “যদি কৃষকসকলৰ খেতিমাটি বহিৰাগত মানুহে হস্তগত কৰে, তেতিয়া কৃষি শ্ৰমিকসকল ক’লৈ যাব? যদি মাণ্ডি ব’ৰ্ড ভংগ কৰা হয় আৰু চৰকাৰ চালিত সংস্থাসমূহ ব্যৰ্থ হয়, তেতিয়া দুখীয়া মানুহবোৰে ৰেচন ক’ত পাব?” পাঞ্জাৱ ৰাজ্যিক কৃষি ব’ৰ্ডৰ প্ৰসংগ উনুকিয়াই বীণ্টে এনেদৰে প্ৰশ্ন কৰে৷ বীণ্টে কয়, “আমাৰ গাৱঁত কৃষি শ্ৰমিকৰ কোনো সংঘ নাই, কৃষক সংঘ আছে। গতিকে বহু কৃষি শ্ৰমিকে বুজি পোৱা নাই যে তেওঁলোকৰ প্ৰতিও অন্যায় কৰা হৈছে৷”

অনুবাদ: ৰক্তিম বৰুৱা

Sanskriti Talwar

Sanskriti Talwar is an independent journalist based in New Delhi. She reports on gender issues.

Other stories by Sanskriti Talwar
Translator : Raktim Baruah

Raktim Baruah is a journalist and translator based in Guwahati. He has experience of journalism in three daily newspapers for more than a decade.

Other stories by Raktim Baruah