“সেই মাতৃগৰাকীয়ে নিজৰ চাৰি সন্তানক লৈ নিশাৰ পিছত নিশা খোজ কাঢ়িছে- মোৰ বাবে তেঁৱেই মা দুৰ্গা।”

দেৱী দুৰ্গাৰ প্ৰতিমাক প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ৰূপত তুলি ধৰা চিত্ৰশিল্পী এয়া ৰিণ্টু দাস। দক্ষিণ-পশ্চিম কলকাতাৰ বেহালাত থকা বাৰিষা ক্লাবৰ দুৰ্গা পূজা মণ্ডপত ই এক বিশিষ্ট ভাস্কৰ্য। সহযোগী হিচাপে প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ৰূপত মা দুৰ্গাৰ লগত আন দেৱ-দেৱীও আছে। সৰস্বতী, লক্ষ্মী, গণেশ আৰু বহুতো। ক’ৰনাভাইৰাছ বিশ্বমহামাৰীৰ মাজত প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সংগ্ৰামলৈ চিত্ৰশিল্পীজনৰ সেয়া এক শ্ৰদ্ধাৰ্ঘ্য।

তলাবন্ধৰ সময়ত ৪৬ বছৰীয়া ৰিণ্টু দাসৰ এনে অনুভৱ হৈছিল যেন “যোৱা ছটা মাহ গৃহবন্দীত্বৰ কাল আছিল,” তেওঁ আৰু কয়, “টেলিভিছনৰ পৰ্দাত চকু ফুৰালেই মই দেখো কেৱল মৃত্যু, অগণন লোক ক্ষতিগ্ৰস্ত হৈছে। বহুতেই দিনৰ পিছত দিন, নিশাৰ পিছত নিশা কেৱল খোজ কাঢ়িছে। কোনোবা সময়ত সামান্য আহাৰো খাবলৈ পোৱা নাই, কেতিয়াবা পানী এটুপিও পোৱা নাই। মাতৃসকল, জীয়ৰীসকল সকলোৱে কেৱল খোজ কাঢ়িছে। সেয়ে মই ভাবিলো এইবাৰ যদি মই উপাসনা কৰো, মই মানুহৰ বাবে উপাসনা কৰিম। মই সেই মাতৃসকলক শ্ৰদ্ধা জনাম।” আৰু সেয়ে প্ৰব্ৰজনকাৰী শ্ৰমিক মাৰ ৰূপত মা দুৰ্গা।

“মূল ধাৰণা অলপ বেলেগ আছিল।” ৰিণ্টু দাসৰ পৰিকল্পনা অনুসৰি প্ৰতিমা নিৰ্মাণ কৰা ৪১ বছৰীয়া পল্লৱ ভৌমিকে পশ্চিমবংগৰ নাদিয়া জিলাৰ ঘৰৰ পৰা ‘পাৰি’ক ক’লে। ২০১৯ৰ দুৰ্গাপূজাৰ উখল-মাখলৰ অন্ত পৰাৰ আগতে “বাৰিষা ক্লাবৰ সংগঠকসকলে ইতিমধ্যে এই বছৰৰ পূজাৰ প্ৰস্তুতি চলাইছিল। কিন্তু ক’ভিড-১৯ মহামাৰীয়ে বুজাই দিলে ২০২০ৰ দুৰ্গাপূজা ভিন্নৰূপৰ হ’ব, সেয়ে ক্লাবে আগৰ পৰিকল্পনা বাদ দিলে।” তলাবন্ধ আৰু শ্ৰমিকৰ বিপদসংকূলতাক কেন্দ্ৰ কৰি এই নতুন আঁচনি ঠিৰাং কৰা হ’ল।

PHOTO • Ritayan Mukherjee

বেহালাৰ এই শ্ৰমিকজনে ক ’লে যে দুৰ্গাদেৱীক তেওঁ প্ৰব্ৰজনকাৰীৰ বিষয়বস্তু হিচাপে দেখিছে, তেওঁৰ দৰে আন লোকেও এনেকৈয়ে বুজিব

“তেওঁৰ সন্তান আৰু মহিষাসুৰৰ সৈতে যেতিয়া মই মা দুৰ্গাৰ প্ৰতিমা সৃষ্টি কৰো, সেই সময়ত আন শিল্পীসকলে ৰিণ্টু দাসৰ তদাৰকীৰ অধীনত মণ্ডপৰ অনান্য দিশসমূহৰ কাম কৰে, দাস বাৰিষা ক্লাবৰ পূজাৰ কলা সঞ্চালক।” সমগ্ৰ দেশৰ অৰ্থনৈতিক পৰিস্থিতিৰ যেতিয়া অৱনতি ঘটে, পূজা কমিটিবোৰো ক্ষতিগ্ৰস্ত হয়। “বাৰিষা ক্লাবেও নিজৰ পূজাৰ বাজেট অৰ্দ্ধাংশ হ্ৰাস কৰে। আগতে ঠিক কৰা বিষয়বস্তু যেতিয়া সলনি কৰিবলগীয়া হ’ল, তেতিয়া ৰিণ্টু দাই প্ৰব্ৰজনকাৰী ‘মা’ৰ ৰূপত দুৰ্গাদেৱীৰ ধাৰণা ব্যক্ত কৰে। আমি আলোচনা কৰি প্ৰতিমা নিৰ্মাণৰ কাম আৰম্ভ কৰো। এই মণ্ডপ সামূহিক প্ৰচেষ্টাৰ ফল বুলি মই কওঁ।”

“অনাহাৰী সন্তানৰ সৈতে দুৰ্ভোগ ভোগা দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰিবলৈ” পৰিস্থিতিয়ে বাধ্য কৰালে বুলি ভৌমিকে কয়। দাসৰ দৰে তেৱোঁ “সন্তানৰ সৈতে এই মাতৃৰ মুখ খোদিত অগণন মাতৃ” তেওঁ দেখিছে-  যিসকলে দূৰ-দুৰণিৰ গাঁৱত থকা ঘৰলৈ খোজ কাঢ়ি দিবা-নৈশ অন্তহীন যাত্ৰা কৰিছে। গ্ৰাম্য নগৰত থকা এজন শিল্পী হিচাপে চৌপাশে দেখা মাতৃসকলৰ সংগ্ৰামৰ কথা তেওঁ পাহৰি যাব নোৱাৰে। “নাদিয়া জিলাৰ মোৰ গৃহনগৰ কৃষ্ণনগৰত এই কাম সম্পূৰ্ণ কৰিবলৈ সম্পূৰ্ণ তিনি মাহ সময়ৰ প্ৰয়োজন হৈছিল। তাৰ পৰাই ই বাৰিষা ক্লাবলৈ যায়,” ভৌমিকে কয়। তেওঁ কলকাতাৰ চৰকাৰী কলা মহাবিদ্যালয়ত অধ্যয়ন কৰা সময়ত তেওঁ তেতিয়াৰ প্ৰখ্যাত চিত্ৰশিল্পী বিকাশ মুখাৰ্জীৰ শিল্পকৰ্মৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল। শিল্পী মুখাৰ্জীৰ ‘দৰ্পময়ী’ পেইণ্টিঙে দুৰ্গাৰ ধাৰণা সৃষ্টিত তেওঁক অনুপ্ৰাণিত কৰিছিল বুলি ভৌমিকে কয়।

মণ্ডপৰ বিষয়বস্তুৱে দৰ্শকৰ পৰা বিপুল সমাদৰ লাভ কৰিছে। ‘মণ্ডপৰ বিষয় আমি’, এজন শ্ৰমিকে মোক ক’লে। তাৰ পিছত অগণন লোকৰ মাজত তেওঁ নোহোৱা হ’ল। ইণ্টাৰনেটত বহুতে চাই দুৰ্গাক প্ৰব্ৰজনকাৰীৰ ৰূপত তুলি ধৰা কাৰ্যক ট্ৰল কৰিছে। কিন্তু সংগঠক সমিতিৰ এজন মুখপাত্ৰই কয়, “এই দেৱী সকলোৰে মাতৃ।”

সমালোচকসকলক উদ্দেশ্যি পল্লৱ ভৌমিকে কয়, “ভাস্কৰ্য শিল্পী, প্ৰতিমা নিৰ্মাতা আৰু বেংগলৰ শিল্পীসকলে দেৱী দুৰ্গাক তেওঁলোকৰ চৌপাশে দেখি থকা নাৰীৰূপে কল্পনা কৰে।”

এই নিৱন্ধ ৰচনাত সহায় কৰা স্মিতা খাটৰ আৰু সিঞ্চিতা মাঝিলৈ ধন্যবাদ জ্ঞাপন কৰা হ ’ল

অনুবাদ - পংকজ দাস

Pankaj Das is a Journalist, Translator and Co-Founder of newsnextone.com. He can be reached at [email protected]

Ritayan Mukherjee

Ritayan Mukherjee is a Kolkata-based photographer and a 2016 PARI Fellow. He is working on a long-term project that documents the lives of pastoral nomadic communities of the Tibetan Plateau.

Other stories by Ritayan Mukherjee